মুখ্যপৃষ্ঠা »খবৰ »অসম »'সাৰ্বভৌমত্ব'ৰ দাবী এৰক পৰেশ বৰুৱাই ! মুখ্যমন্ত্ৰীৰ পিছত এইবাৰ AIUDFয়ে জনালে আহ্বান ...

'সাৰ্বভৌমত্ব'ৰ দাবী এৰক পৰেশ বৰুৱাই ! মুখ্যমন্ত্ৰীৰ পিছত এইবাৰ AIUDFয়ে জনালে আহ্বান ...

'সাৰ্বভৌমত্ব'ৰ অবিহনে চৰকাৰৰ সৈতে কোনো কাৰণতে আলোচনাৰ মেজত বহিবলৈ নিবিচাৰে পৰেশ বৰুৱাই ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে 'সাৰ্বভৌমত্ব'ৰ বিষয়টো এৰিবলৈ আহ্বান জনোৱাৰ পিছত AIUDFয়েও পৰেশ বৰুৱাক একেই আহ্বান জনালে ৷

  • Share this:

'সাৰ্বভৌমত্ব' আৰু পৰেশ বৰুৱাৰ দাবী এটা মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি ৷ সেয়ে এই পৰ্যন্ত পৰেশ বৰুৱা অহা নাই ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ বাবে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ পহিলা তিনিটা দিনতে দুবাৰকৈ পৰেশ বৰুৱাক আহ্বান জনাইছে— আহ্বান জনাইছে  'সাৰ্বভৌমত্ব'ৰ দাবীক পৰিহাৰ কৰিবলৈ ৷ আহ্বান জনাইছিল ৰাইজক ৷

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছত এইবাৰ চৰকাৰৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাৰ্বভৌমত্ব'ৰ দাবীক পৰিহাৰ কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনালে AIUDFয়ে ৷ AIUDFৰ বিধায়ক আমিনুল ইছলামে  'সাৰ্বভৌমত্ব'ৰ বিষয়ত আলোচনাৰ পোষকতা AIUDFয়ে কৰিব নোৱাৰে বুলি সদৰী কৰি পৰেশ বৰুৱাক  'সাৰ্বভৌমত্ব' এৰি আলোচনাত বহিবলৈ আহ্বান জনালে ৷

বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ আন এজন বিধায়ক ড° ৰফিকুল ইছলামেও পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনালে ৷ লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আহ্বানক সমৰ্থন জনালে ৷

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ পিছত এইবাৰ AIUDFয়েও পৰেশ বৰুৱাক  'সাৰ্বভৌমত্ব'ৰ বিষয়টো এৰিবলৈ আহ্বান জনালে ৷ কিন্তু এই সমগ্ৰ বিষয়টোক লৈ কোনো মতামত বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই ৷

শেহতীয়া বাতৰি