ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ৩ নতুন বঁটা, অসমৰত্ন সন্মান প্ৰদান কৰিব প্ৰতিবছৰে

News18 Assam | News18-Assam
Updated:June 8, 2021, 4:56 PM IST
ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ৩ নতুন বঁটা, অসমৰত্ন সন্মান প্ৰদান কৰিব প্ৰতিবছৰে
চৰকাৰে এতিয়াৰে পৰা সাহিত্য বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিন ৭ ডিচেম্বৰৰ দিনা প্ৰদান কৰিব।

চৰকাৰে এতিয়াৰে পৰা সাহিত্য বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিন ৭ ডিচেম্বৰৰ দিনা প্ৰদান কৰিব।

  • Share this:

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত জানিবলৈ দি কয় যে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে পূৰ্বৰ ৩ বছৰৰ সলনি প্ৰতিবছৰে প্ৰদান কৰিব অসম ৰত্ন বঁটা। এই বঁটাত থাকিব ৫ লাখ টকা। আনহাতে ৩গৰাকী বিশিষ্ট লোকক অসম বিভূষণ সন্মান, ৫ গৰাকীক অসম ভূষণ সন্মান আৰু ১০গৰাকী বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হ’ব অসমশ্রী সন্মান।



অসম বিভূষণ সন্মানৰ বাবে প্ৰতিগৰাকীক ৩ লাখকৈ, অসম ভূষণৰ বাবে প্ৰতিগৰাকীক ২ লাখকৈ আৰু অসমশ্ৰী সন্মানৰ বাবে প্ৰতিগৰাকীক ১ লাখকৈ অনুদান প্ৰদান কৰিব চৰকাৰে। আনহাতে চৰকাৰে এতিয়াৰে পৰা সাহিত্য বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিন ৭ ডিচেম্বৰৰ দিনা প্ৰদান কৰিব। ক্রীড়া বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত প্রদানৰ লগতে শিল্পী বঁটা প্ৰদান কৰিব শিল্পী দিৱসৰ দিনটোত।

Published by: Gautam Barman
First published: June 8, 2021, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি