বিপিএফৰ পিছত বিজেপিৰ টাৰ্গেট অগপ! অগপৰ দখলত থকা এইকেইটা সমষ্টি এইবাৰ কাঢ়িব বিজেপিয়ে!

News18 Assam | News18-Assam
Updated:November 20, 2020, 3:12 PM IST
বিপিএফৰ পিছত বিজেপিৰ টাৰ্গেট অগপ! অগপৰ দখলত থকা এইকেইটা সমষ্টি এইবাৰ কাঢ়িব বিজেপিয়ে!
BPFৰ পিছত এইবাৰ বিজেপিৰ টাৰ্গেট অগপ।

BPFৰ পিছত এইবাৰ বিজেপিৰ টাৰ্গেট অগপ।

  • Share this:
বিজেপিয়ে এৰিলে বিপিএফক ৷ আগন্তুক নিৰ্বাচনত বিপিএফৰ সৈতে কোনো ধৰণৰ মিত্ৰতা নহয় বিজেপিৰ। বৃহস্পতিবাৰে এই কতা আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে NEDAৰ আহ্বায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ BPFৰ পিছত এইবাৰ বিজেপিৰ টাৰ্গেট অগপ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ দিলীপ শইকীয়াই কয় যে- “মিত্ৰতাৰ ধৰ্ম পালন কৰি '২১ৰ নিৰ্বাচনত অগপই বহু কেইখন আসন বিজেপিক এৰি দিব লাগিব ৷ অগপই কমলপুৰ, পাটাছাৰকুছি, বঢ়মপুৰ আৰু পশ্চিম গুৱাহাটী সমষ্টি এৰি দিব লাগিব আমাক ৷”

দিলীপ শইকীয়াই কোৱাৰ দৰে যদি অগপৰ হাতৰ পৰা বিজেপিয়ে এই আসন কেইখন লয়; তেন্তে বঢ়মপুৰৰ পৰা টিকট নাপাব প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ টিকট নাপাব কমলপুৰৰ পৰা সত্যব্ৰত কলিতাই ৷ টিকট হেৰুৱাব পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ নাথ ডেকাই ৷ একেদৰে পশ্চিম গুৱাহাটী সমষ্টিৰ টিকট হেৰুৱাব ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

পিছে AGPয়ে এৰি দিব নে BJPক আসন?

এই সন্দৰ্ভত AGPৰ সাধাৰণ সম্পাদক তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ সত্যব্ৰত কলিতাই ক'লে- “অগপই এৰি নিদিয়ে নিজ দখলত থকা এখনো আসন ৷ নিজৰ দখলত থকা ১৪ খন আসনত অগপই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবই ৷ এইক্ষেত্ৰত কোনো আপোচ নকৰে দলে ৷” মিত্ৰতাৰ ধৰ্ম পালন কৰি অগপই ১৪ খন আসনৰ লগতে বিজেপিৰ পৰা অগপই বিচাৰিব মুঠ ৪০খন আসন ৷

তাত্‍পৰ্যপূৰ্ণ ভাবে বিজেপি নেতা দিলীপ শইকীয়াৰ আগ্ৰাসী বক্তব্যৰ বিপৰীতে কিন্তু অগপই দিয়া নাই শক্তিশালী উত্তৰ ৷ অগপ নেতাৰ মুখত কেৱল শুনা গ'ল মিত্ৰতাৰ কথা ৷ আঞ্চলিক দলটোৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই ক'লে- ‘২১ৰ নিৰ্বাচন বিজেপিৰ সৈতে মিত্ৰতা কৰি খেলিব অগপই ৷ মিত্ৰতা ৰক্ষা কৰি দুয়োটা দল আগবাঢ়ি যাব ৷ এইক্ষেত্ৰত দুয়োটা দলৰ নেতাসকলে সংযত হৈ ৰাজহুৱা মন্তব্য কৰিব লাগিব ৷”

ইফালে এই সন্দৰ্ভত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, ‘বিজেপিয়ে বিচাৰিলেই অগপক এৰি নিদিয়ে আসন ৷’ পশ্চিম গুৱাহাটী সমষ্টি কোনো কাৰণতে এৰি দিয়া নহ’ব।  যদি দিব লাগে তেন্তে অগপক ৪০খন আসন বিজেপিয়ে এৰি দিব লাগিব।’

এতিয়া এনেদৰেই আৰম্ভ হৈছে বিজেপিৰ আগ্ৰাসী ৰাজনীতি ৷ পিছে BPFৰে মিত্ৰতা ভংগ কৰিবলৈ উঠি পৰি লগা বিজেপিয়ে অগপৰ পৰা আসন কাঢ়ি ল'ব পাৰিবনে নাই সেয়া এতিয়াও অস্পষ্ট ৷
Published by: Himangshu Bhuyan
First published: November 20, 2020, 3:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading