বহুদিনৰ বিৰতিৰ মূৰত ৰাইজৰ মাজলৈ ওলাই আহিল আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।। মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসুস্থতাৰ বাবে নিজ গৃহত চিকিৎসাধীন হয় আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। কিছু সুস্থ হয় উঠাত মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সংস্থাৰ বাৰ্ষিক অধিবেশনত ভাগ লয় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।
সদৌ অসম ছাত্ৰ সন্থাৰ পৰা শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই সমুজ্জল ভট্টাচাৰ্যৰ সন্দৰ্ভত যি মন্তব্য অআগবঢ়াইছিল সেয়া সম্পূৰ্ণ ৰূপে নস্যাত্ কৰে সমুজ্জ্বল ভট্টাচাৰ্যই। সদৌ অসম ছাত্ৰ সন্থা সামূহিক নেতৃত্বত চলা এটি সংগঠন আৰু এই সংগঠনটি সামূহিক নেতৃত্বত চলাটো বিচাৰে বুলি মন্তব্য কৰে আছু উপদেষ্টা গৰাকীয়ে।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, ‘অসমৰ ৰাইজে সদায় সদৌ অসম ছাত্ৰ সন্থাক অৰাজনীতিক দল হিচাপে বিচাৰে আৰু আছু সদায় আছুৱেই। যিহেতু সদৌ অসম ছাত্ৰ সন্থা এক সংগ্ৰামী যাত্ৰা আৰু সংগ্ৰামী সত্তা। আছুৰ হৈ হয় কাম কৰি আছো আৰু আছুৰ হয় কাম কৰি যাম।’
‘লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে শৰীৰৰ শেষ বিন্দু নিশ্বাস থকালৈকে ছাত্ৰ সন্থাৰ হৈ সেৱা আগবঢ়াব। ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বাহিৰত থাকি অসমীয়া আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কাম কৰি আছুৱে।’ এনেদৰে কয় আছুৰ উপদেষ্টাগৰাকীয়ে। ইফালে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই আগন্তুক ছাত্ৰ সন্থাৰ দুলিয়াজানৰ অধিবেশনত ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল’ব বুলি জানিব দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|