আকৌ মুখ খুলিছে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ৰ পৰাই প্ৰায় সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা শিলাদিত্য দেৱে মুখ খুলিয়েই ঘটাইছে বিস্ফোৰণ। শিলাদিত্য দেৱৰ গুৰুতৰ অভিযোগ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে প্ৰায় ৮০ লাখ বাংলাদেশীৰ নাম।
শিলাদিত্য দেৱে লগতে কয় যে, ‘ মুখ নুখুলিলে নহব বুলি পুনৰ ডেৰ মাহ মূৰত মুখ খুলিছো।মোৰ যুজঁ হৈছে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে। NRC ত ৮০ লাখ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হৈ আছে। কেনেকৈ শুদ্ধ NRC পাব পাৰো তাৰ চিন্তা আছে । অসমৰ NRC ক NPR হিচাপে ঘোষণা কৰাৰ দাবী কেন্দ্ৰীয় চৰকাৰলৈ।’
শিলাদিত্য দেৱে লগতে কয় যে, ‘১৯৫১ ভিত্তিত অসমত NPR হব লাগে ।তেতিয়াহে ৮০ লাখ বাংলাদেশী মুছলমান সকলক চিনাক্ত কৰা যাব আৰু বাহিৰ কৰাতো সম্ভৱ হ’ব। অসমৰ অশান্তি পৰিবেশৰ মাজত অধিক অশান্তি অনাৰ মোৰ উদ্দেশ্য নাছিল। আন্দোলনমুখী মানুহে বুজিবলৈ টান পাই। মানুহে যুক্তি মানিবলৈ সাজু নাছিল গতিকে ডেৰ মাহ একো নোকোৱাকৈ আছিলোঁ। কিন্তু জাতিৰ সুৰক্ষাৰ বাবে আকৌ মাতিছোঁ মাতি যাম। অসম আৰু অসমীয়া জাতিক শক্তিশালী কৰাৰ লগতে বাংলাদেশী মুছলমান মুক্ত কৰাই মোৰ উদ্দেশ্য।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|