বাংলাদেশৰ পৰা মুকুল হাজৰিকাক স্বদেশলৈ হস্তান্তৰ কৰিলে বাংলাদেশৰ BSF য়ে । মঙ্গলদৈ থানাৰ আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকাই ইতিমধ্যে পুৱা দিনৰ ১০-৩০ বজাত বাংলাদেশৰ পৰা চমজি লৈছে পিতৃয়ে। মংগলবাৰে আবেলি স্বগৃহত উপস্থিত হ'ব মুকুল হাজৰিকা ।
প্ৰায় ৫ বছৰ পূৰ্বে নিৰুদ্দিষ্ট হৈছিল মঙ্গলদৈৰ যুৱক মুকুল হাজৰিকা। ২০১৯ চনৰ ৫ মে'ত পোহৰলৈ আহিছিল মুকুল হাজৰিকা বাংলাদেশত আবদ্ধ হৈ থকাৰ কথা। ২০১৯ চনৰ ৫ মে' পত্ৰত বাংলাদেশৰ কাৰাগাৰৰ থকা মুকুল হাজৰিকাৰ ম্যাদ উকলিছিল কিন্তু ঘৰলৈ ওভতাই আনিবলৈ সমৰ্থ নাছিল পৰিয়ালটো।
দৰং জিলাৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত কেওঁতপাৰা গাঁৱৰ মুকুল হাজৰিকা ২০১৯ চনত বাংলাদেশৰ ফেনি জেলত বন্দী হৈ থকা কথা পোহৰলৈ আহিছিল। ৫ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল মুকুল হাজৰিকা। ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত। পিতৃ ফুলেশ্বৰ হাজৰিকাই কোনো মতে দিন হাজিৰা কৰি মুকুল হাজৰিকাৰ পত্নীসহ আছে তিনি সন্তানৰ পৰিয়ালটো চলাই নিছিল। তেওঁলোকৰ কাৰণে সপোন আছিল বাংলাদেশৰ পৰা মুকুল হাজৰিকাক ঘূৰাই অনাটো। দৰিদ্ৰ পৰিয়ালটোৱে সেই সময়ত চৰকাৰ জিলা প্ৰশাসনক মুকুলক ঘৰলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছিল কিন্তু কোনো সুফল নাপালে। শেহতীয়াভাৱে বাংলাদেশত ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ দুবছৰ পিছত ঘৰলৈ আহিব মুকুল হাজৰিকা। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইতিমধ্যে মঙ্গলদৈ আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকা ভাৰত বাংলাদেশ সীমান্তলৈ ৰাওনা হয়। ইতিমধ্যে তেওঁলোকে চমজি লৈছে মুকুল হাজৰিকাক। বাংলাদেশ BSF পৰা পিতৃয়ে নিজ হাতে চমজি লৈছে পুত্ৰক। দীৰ্ঘদিনৰ পিছত পিতা পুত্ৰৰ মিলন হ'ল ভৰত বাংলাদেশ সীমান্তত। পাছ বছৰ পূৰ্বে ঘৰৰ পৰা ৰিস্কা চলাব বুলি ওলাই গৈছিল মুকুল হাজৰিকা। উৎফুল্লিত হৈ পৰিছে মাতৃ, পত্নী, তিনি সন্তানৰ লগতে আত্মীয় স্বজন। কিদৰে মঙ্গলদৈৰ পৰা বাংলাদেশ পালেগৈ সেই কথা জানিব পৰা নাই যদিও অনাধিকাৰ বাংলাদেশত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি সন্দেহ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|