মুখ্যপৃষ্ঠা »খবৰ »অসম »৩০ বছৰ পিছত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিলেখ গঢ়িব পৰীক্ষাৰ্থীয়ে

৩০ বছৰ পিছত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিলেখ গঢ়িব পৰীক্ষাৰ্থীয়ে

৯ মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ ৩০ শতাংশ হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম।

৯ মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ ৩০ শতাংশ হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম।

৯ মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ ৩০ শতাংশ হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম।

  • Share this:
৩০ বছৰৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। মে’ মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছেবাৰ পাঠ্যক্ৰমত অৱতীৰ্ণ হ’ব সৰ্বাধিক ছাত্ৰ–ছাত্ৰী।

জানিব পৰা অনুসৰি, এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪,৩৯,৩০৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ছাত্ৰীতকৈ ছাত্ৰৰ সংখ্যা এইবাৰ সৰ্বাধিক। কোভিড পৰিস্থিতি সত্ত্বেও এই সংখ্যাই অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৮৬,৭৮৩ গৰাকী ছাত্ৰ-ছাত্ৰী। যি সংখ্যা সৰ্বাধিক আছিল ১৯৮৯ চনৰ পিছত। আনকি যোৱাবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৪২,২২৪ গৰাকী।

৯ মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ ৩০ শতাংশ হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম। কোভিডৰ বাবে বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এখন বিশেষ কমিটী গঠন কৰাৰ সিদ্ধান্ত হাতত লোৱা হৈছে। ছাত্ৰ-ছাত্ৰী বৃদ্ধিৰ সংখ্যাই এটা কথা সূচাইছে যে চি বি এছ ইতকৈ  ছেবা পাঠ্যক্ৰমৰ প্ৰতি আকৰ্ষিত হৈছে ছাত্ৰ-ছাত্ৰী!

উল্লেখযোগ্য যে, মেট্ৰিকৰ নিচিনাকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদেও কেতবোৰ নতুন নতুন পৰীক্ষা সম্পৰ্কীয় পদক্ষেপ হাতত লৈছে। যাৰ বাবে গঠন কৰি দিয়া হৈছে এখন উচ্চ পৰ্যায়ৰ কমিটী। কমিটীখনৰ দায়িত্বত থাকিব শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিব। ছেবাৰ নিচিনাকৈ শিক্ষা সংসদৰ দ্বাৰা আয়োজন কৰা চূড়ান্ত পৰীক্ষাত এইবাৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত হোৱাৰ এটা সপ্তাহৰ পিছতে জ'নসমূহত বহী নিৰীক্ষণৰ কাম আৰম্ভ হ’ব। যিহেতু এইবাৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফলাফলৰ দিন ঘোষণা কৰাৰ বাবে তৎক্ষনিকভাৱে এই কাম আৰম্ভ কৰিব। উল্লেখযোগ্য যে, নিৰ্বাচন আৰু কোৰোণাৰ বাবে এইবাৰ পৰীক্ষা ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে মে’ মাহত অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে দুয়োখন ব’ৰ্ডে।

শেহতীয়া বাতৰি