২০১৭ চনলৈকেহে আছিল D.El.Ed ৰ গ্ৰহণযোগ্যতা! এতিয়া কি কৰিব লাখ লাখ শিক্ষাৰ্থীয়ে?

২০১৭ ৰ পিছত অবৈধ ভাবে নামভৰ্তি কৰোৱা হৈছে NIOS D.El.Ed ৰ পাঠ্যক্ৰমতঃ শিক্ষামন্ত্ৰী

News18-Assam
Updated:September 27, 2019, 5:06 PM IST
২০১৭ চনলৈকেহে আছিল D.El.Ed ৰ গ্ৰহণযোগ্যতা! এতিয়া কি কৰিব লাখ লাখ শিক্ষাৰ্থীয়ে?
২০১৭ ৰ পিছত অবৈধ ভাবে নামভৰ্তি কৰোৱা হৈছে NIOS D.El.Ed ৰ পাঠ্যক্ৰমতঃ শিক্ষামন্ত্ৰী
News18-Assam
Updated: September 27, 2019, 5:06 PM IST
এতিয়া টেট পৰীক্ষাক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে ক্ৰিয়া–প্ৰতিক্ৰিয়া! প্ৰতিদিনে সৃষ্টি হৈছে নতুন নতুন বিতৰ্কৰ। বৰ্তমান ৰাজ্যত শিক্ষক হ’বলৈ বি এড বা ডি এল এড কৰাটো বাধ্যতামূলক। সেইদৰে ১০ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড বা ডি এল এড কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে।

কিন্তু টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক বিশেষ মন্তব্যই এতিয়া দোমোজাত পেলাইছে ৰাজ্যৰ লাখ লাখ ডি এল এড কৰা শিক্ষাৰ্থীক। ২০১৭ চনলৈকেহে আছিলODL/NIOS D.El.Ed ৰ গ্ৰহণযোগ্যতা। ২০১৭ চনৰ পিছত ডি এল এড কৰা শিক্ষাৰ্থীৰ ODL/NIOS D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব। শিক্ষামন্ত্ৰীৰ মতে বৰ্তমান কিছুমান শিক্ষানুষ্ঠানত অবৈধ ভাবেহে বাহাল ৰাখিছে ডি এল এড পাঠ্যক্ৰম! এতিয়া কাৰ্যক্ষম নহয় NIOS  D.El.Edৰ প্ৰমাণ পত্ৰ!

আৰু চাওক পৰৱৰ্তী বাতৰি