মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'ছিপাঝাৰ আৰু বৰচলা এতিয়া বিশেষ সম্প্ৰদায়ৰ টাৰ্গেট, হোৰাহোৰে সোমাইছে ধিং, ৰূপহীৰ লোক', মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

'ছিপাঝাৰ আৰু বৰচলা এতিয়া বিশেষ সম্প্ৰদায়ৰ টাৰ্গেট, হোৰাহোৰে সোমাইছে ধিং, ৰূপহীৰ লোক', মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

News18 Assam | News18-Assam
Updated:September 25, 2021, 2:23 PM IST
'ছিপাঝাৰ আৰু বৰচলা এতিয়া বিশেষ সম্প্ৰদায়ৰ টাৰ্গেট, হোৰাহোৰে সোমাইছে ধিং, ৰূপহীৰ লোক', মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
গোৱা ৰাজ্যতকৈও অসমত অধিক ভূমি বেদখল কৰিছেঃ মুখ্যমন্ত্ৰী

গোৱা ৰাজ্যতকৈও অসমত অধিক ভূমি বেদখল কৰিছেঃ মুখ্যমন্ত্ৰী

  • News18 Assam
  • Last Updated: September 25, 2021, 2:23 PM IST
  • Share this:
'গোৱা ৰাজ্যতকৈও অসমত অধিক ভূমি বেদখল কৰিছে। চৰকাৰী কলেজ নিৰ্মাণ কৰিবলৈ এতিয়া মাটি পাবলৈ নাইকীয়া হৈছে। আৰু  ১০ বছৰৰ পিছত অসমীয়া মানুহৰ ভোটৰ কোনো ভেল্যু নাথাকিব। কিন্তু এই পাঁচ বছৰ মোক দিছে, মই চেষ্টা কৰি যাম। কংগ্ৰেছে অসমীয়া মানুহক ধ্বংস কৰিব বিচাৰিছে। ইতিমধ্যে অসমীয়াক বিদায় দিছে। এটা সম্প্ৰদায়ৰ এতিয়া টাৰ্গেট ছিপাঝাৰ আৰু বৰছলা সমষ্টি। বৰচলাত এতিয়া দিনে দিনে মানুহ সোমাইছে। হোৰাহোৰে সোমাইছে ধিং আৰু ৰূপহীৰ মানুহ। মন্দিৰৰ আশেপাশে মাটি দখল কৰি আছে।'- শনিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছিপাঝাৰৰ গৰুখুঁটিৰ কাণ্ডকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ লগতে উচ্ছেদ চলিবই বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল। ছিপাঝাৰত উচ্ছেদিত জনতাক কংগ্ৰেছ আৰু AIUDFয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'ৰাজ্যত এতিয়া কেৱল মাটি দখলেই নহয়, মানুহ ৰপ্তানি দিয়াৰো এক ষড়যন্ত্ৰ চলি আছে। আৰু এই সকলোবোৰ ষড়যন্ত্ৰৰ আঁৰত কংগ্ৰেছ। এইবাৰো বহুত ডাঙৰ পৰিকল্পনা। এতিয়া ছিপাঝাৰ আৰু বৰচলা, এই দুটা সমষ্টি টাৰ্গেট হৈছে। এই সকলোবোৰ মাটি দখল কৰা লোক দলগাওঁ আৰু মংগলদৈৰ। মাটি দখলৰ বহুত ডাঙৰ পৰিকল্পনা চলি আছে।'
Published by: Himangshu Bhuyan
First published: September 25, 2021, 2:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি