AFT Techno trade : অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ Aft Techno tradeৰ "গ’ল্ডেন পাৰ্ল" টীৰ মূল্য উঠে ৯৯,৯৯৯ টকালৈ
AFT Techno trade : অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ Aft Techno tradeৰ "গ’ল্ডেন পাৰ্ল" টীৰ মূল্য উঠে ৯৯,৯৯৯ টকালৈ
অসম চাহৰ ক্ষেত্ৰত বিশ্ববিখ্যাত। এইকথা আকৌ এবাৰ প্ৰমাণ কৰিলে ডিব্ৰুগড়ৰ ডিব্ৰুগড় বিমানবন্দৰৰ ওচৰৰ লাহোৱালত অৱস্থিত নাহোৰচুকবাৰীৰ AFT Techno trade য়ে । গ’ল্ডেন পাৰ্ল নামৰ বিশেষ চাহে আকৌ এবাৰ ইতিহাস সৃষ্টি কৰিলে । ১ কিলোগ্ৰাম চাহৰ মূল্য ১ লাখতকৈ ১ টকা কম। অৰ্থাৎ ৯৯,৯৯৯ টকা।
গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Guwahati Tea Auction Centre) ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল AFT Techno Tradeৰ ১ কিলোগ্ৰাম 'গ’ল্ডেন পাৰ্ল' টী । এইবছৰ এইবিধ চাহৰ উৎপাদন আছিল প্ৰায় ১ কিলোগ্ৰাম।
অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ Aft Techno tradeৰ "গ’ল্ডেন পাৰ্ল" টীয়ে আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত চেল নং ০৭ত প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকা পাবলৈ সক্ষম হৈছে ।
উল্লেখ্য, বিগত বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ 'মনোহাৰী গোল্ড টী' প্ৰতি কিলোগ্ৰাম ৯৯,৯৯৯ টকাত বিক্ৰী হৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|