মুখ্যপৃষ্ঠা »খবৰ »অসম »শীঘ্ৰেই অসমৰ পৰা প্ৰত্যাহাৰ হ'ব পাৰে AFSPA, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – এই বৰ্ষৰ শেষৰ ফালে ইয়াক প্ৰত্যাহাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ

শীঘ্ৰেই অসমৰ পৰা প্ৰত্যাহাৰ হ'ব পাৰে AFSPA, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – এই বৰ্ষৰ শেষৰ ফালে ইয়াক প্ৰত্যাহাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – এই বৰ্ষৰ শেষৰ ফালে ইয়াক প্ৰত্যাহাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – এই বৰ্ষৰ শেষৰ ফালে ইয়াক প্ৰত্যাহাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ

আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁৱত প্ৰথমখন কামাণ্ডেণ্ট সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে "অসমৰ আইন-শৃংখলাৰ পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হৈছে আৰু চলিত বৰ্ষৰ শেষৰ ফালে সমগ্ৰ ৰাজ্যৰ পৰা AFSPA আঁতৰাই পেলোৱাৰ সম্ভাৱনা আছে।"

  • Share this:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষৰ শেষৰ ফালে অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Powers Act) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লক্ষ্য লৈছে। এই কথা ঘোষণা কৰি মুখ্যমন্ত্রীয়ে কয়, “আমাৰ আৰক্ষী বাহিনীক প্রশিক্ষণৰ বাবে প্রাক্তন সেনাবাহিনীকো জড়িত কৰিম৷”

আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁৱত প্ৰথমখন কামাণ্ডেণ্ট সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে "অসমৰ আইন-শৃংখলাৰ পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হৈছে আৰু চলিত বৰ্ষৰ শেষৰ ফালে সমগ্ৰ ৰাজ্যৰ পৰা AFSPA আঁতৰাই পেলোৱাৰ সম্ভাৱনা আছে।"

লগতে তেওঁ কয় যে যেতিয়া AFSPA ৰাজ্যৰ পৰা আঁতৰাই দিয়া হ’ব তেতিয়া কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰিৱৰ্তে অসম আৰক্ষী বেটেলিয়নক শক্তিশালী কৰা হ’ব যাতে তেওঁলোকে তাৰ স্থান ল’ব পাৰে।

উল্লেখযোগ্য যে, যোৱা ৩০ মাৰ্চত অসম চৰকাৰে ৰাজ্যৰ আঠখন জিলাত AFSPAৰ পৰিসৰ আৰু ছমাহ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। যদিও ইয়াৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটাই কেইবাবাৰো AFSPAৰ অধীনত থকা অঞ্চলসমূহ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে। যোৱা বছৰ অসমে এপ্ৰিল মাহত ৮খন জিলা আৰু অক্টোবৰ মাহত এখন জিলাৰ পৰা AFSPA আঁতৰাইছিল।

শেহতীয়া বাতৰি