বিগত তিনিমাহ ধৰি দৰঙৰ অকলিবাৰী গাঁৱৰ গাহৰি পালক তীৰ্থ বড়োৰ শতাধিক গাহৰিৰ মৃত্যু হৈছে। তীৰ্থ বড়োৱে জানিবলৈ দিয়া মতে, গাহৰি মৃত্যুৰ বিষয়ে জিলা পশু চিকিৎসালয়ক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ কাণসাৰ দিয়া নাছিল। এই বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই দৰং জিলা পশু চিকিৎসালয় তৎপৰতাত জুন মাহৰ প্ৰথম পষেকতে গুৱাহাটীৰ পৰা অহা এটা দলে দৰঙৰ অকলিবাৰী গাঁৱৰ গাহৰি পালক তীৰ্থ বড়োৰ ঘৰত উপস্থিত হৈ মৃত গাহৰিৰ তেজ আৰু অংগ সংগ্ৰহ কৰিছিল। আৰু গুৱাহাটী খানাপাৰাস্থিত NERDDL Animal health centreৰ পৰীক্ষাগাৰত কৰোৱা পৰীক্ষাত প্ৰায় এমাহ পাছত তীৰ্থ বড়োৰ ঘৰৰ পৰা সংগ্ৰহ কৰা মৃত গাহৰিৰ নমুনাত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু বেমাৰ।
ইতিমধ্যে অঞ্চলটোত শ শ গাহৰি মৃত্যু হৈছে। আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰাৰ লগে লগে বৃহস্পতিবাৰে দৰঙত গুৱাহাটীৰ পৰা উপস্থিত হয় এটা চিকিৎসা বিশেষজ্ঞৰ দল। দৰঙৰ অকলিবাৰী, বাহজনী আৰু বৰমপুৰ অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা লগতে তিনি মাহলৈ কোনো গাহৰি পালকে গাহৰি পুহিব নোৱাৰিব বুলি ঘোষণা কৰা বিশেষজ্ঞৰ দলে।
অকলিবাৰীৰ পৰা ১ কিঃমিঃ ব্যাসাৰ্ধৰ অঞ্চলৰ শ শ গাহৰি ঘৰে ঘৰে উঠাই আনি হত্যা কৰি পুতি থোৱাৰ ব্যৱস্থা কৰিছে। আনহাতে সেই একেদৰে অকলিবাৰীৰ পৰা ১০ কিঃমিঃ ব্যাসাৰ্ধত গাহৰি পোহা বা গাহৰি মাংসৰ ব্যৱসায়ত নিষেধাজ্ঞা জাৰি কৰে বিশেষজ্ঞৰ দলটোৱে।
গাহৰিত আফ্ৰিকান চোৱাই ফ্লুৰ উপস্থিতি ধৰা পৰাত হাহাকাৰ লাগিছে দৰঙৰ গাহৰি পালকসকলৰ মাজত। বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে গাহৰি পালকসকল। আতংকিত হৈ পৰিছে অঞ্চলবাসী। এই কথা জানিব পাৰি বহু গাহৰি পালকে লোকচান হোৱাৰ চিন্তা কৰি লুকুৱাই থয় গাহৰি। লুকুৱাই থোৱা গাহৰিৰ সন্ধানত নামিছে মঙলদৈ আৰক্ষী আৰু দৰং জিলা প্ৰশাসনৰ লোক।
ইতিমধ্যে সমগ্ৰ অঞ্চল ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে পশু চিকিৎসালয় ফালৰ পৰা। বিশেষজ্ঞৰ দলে জানিবলৈ দিয়া মতে, তিনিমাহ পিছত পুনৰ পৰীক্ষা কৰিব গাহৰি ফাৰ্মসমূহ। তাৰ পিছতেই অনুমতি দিয়া হ’ব গাহৰি পালন কৰিবলৈ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 09, 2021, 09:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।