• Home
  • »
  • News
  • »
  • assam
  • »
  • Swine Flu: বাক্সাৰ গোৰেশ্বৰত আফ্ৰিকান শ্বোৱাইন ফ্লুৰ প্ৰভাৱ, প্ৰশাসনে নিধন কৰিলে ৩২টাকৈ গাহৰি

Swine Flu: বাক্সাৰ গোৰেশ্বৰত আফ্ৰিকান শ্বোৱাইন ফ্লুৰ প্ৰভাৱ, প্ৰশাসনে নিধন কৰিলে ৩২টাকৈ গাহৰি

যিসকলে গাহৰি লুকুৱাই অথবা বিক্ৰী কৰিছে, তেনে লোকৰ ওপৰত ল'ব আইনী ব্যৱস্থা।

যিসকলে গাহৰি লুকুৱাই অথবা বিক্ৰী কৰিছে, তেনে লোকৰ ওপৰত ল'ব আইনী ব্যৱস্থা।

যিসকলে গাহৰি লুকুৱাই অথবা বিক্ৰী কৰিছে, তেনে লোকৰ ওপৰত ল'ব আইনী ব্যৱস্থা।

  • Share this:

ৰাজ্যত অব্যাহত আছে আফ্ৰিকান শ্বোৱাইন ফ্লুৰ সংহাৰ।বাক্সা জিলাৰ গোৰেশ্বৰতো শ্বোৱাইন ফ্লুত আক্ৰান্ত হৈছে গাহৰি ৷ ইতিমধ্যে গোৰেশ্বৰ অঞ্চলত ৪৪টা গাহৰি মৃত্যুমুখত পৰিছে আফ্ৰিকান শ্বোৱাইন ফ্লুত। ইয়াৰ পিছতে পশু চিকিৎসা বিভাগ আৰু জিলা প্ৰশাসনে শনিবাৰে নিধন কৰে ৩২টাকৈ গাহৰি।


গোৰেশ্বৰৰ মুকুন্দপুৰ-কাড়িপাৰা গাঁৱত ৪৪টাকৈ গাহৰি মৃত্যু হোৱাৰ পিছত গাঁওখনৰ পৰা এক কিলোমিটাৰ ব্যাসাৰ্ধত গাহৰি নিধন যজ্ঞ আৰম্ভ কৰে প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে। প্ৰথমাৱস্থাত প্ৰশাসনক একাংশ গাহৰি পালকে গাহৰি নিধনত বাধা দিছিল যদিও গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কোকিলা গগৈয়ে ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰাৰ পিছত গাহৰি পালকসকলে নিজৰ পোহনীয়া গাহৰিবোৰ নিধনত সন্মতি প্ৰদান কৰে।


আনহাতে যিসকল লোকে গাহৰিবোৰ লুকুৱাই অথবা বিক্ৰী কৰিছে, তেনে লোকসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি