• Home
  • »
  • News
  • »
  • assam
  • »
  • African Swine Fever | Sivasagar : শিৱসাগৰ জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংহাৰ, গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ

African Swine Fever | Sivasagar : শিৱসাগৰ জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংহাৰ, গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ

শিৱসাগৰ জিলাত ইতিমধ্যে মৃত্যুমুখত পৰিছে ২৮০টা গাহৰি।

শিৱসাগৰ জিলাত ইতিমধ্যে মৃত্যুমুখত পৰিছে ২৮০টা গাহৰি।

শিৱসাগৰ জিলাত ইতিমধ্যে মৃত্যুমুখত পৰিছে ২৮০টা গাহৰি।

  • Share this:
শিৱসাগৰ জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰ (ASF)ৰ সংহাৰ। জিলাখনৰ খঙ্গীয়া গাঁও, দিহিং কলঘৰ আৰু জালুকনিবিলত ছুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱে এতিয়া গাহৰি পালকৰ বাবে উদ্বেগৰ সৃষ্টি কৰিছে (African Swine Fever at Sivasagar)।

জিলা পশুপালন বিষয়াই সদৰী কৰা মতে, আফ্ৰিকান ছুৱাইন ফিভাৰ (ASF)ৰ  ৰোগত শিৱসাগৰ জিলাত ইতিমধ্যে মৃত্যুমুখত পৰিছে ২৮০টা গাহৰি।

এতিয়া অঞ্চলটোত বাচি থকা বাকী আক্ৰান্ত গাহৰিসমূহো নিধন কৰাৰ পৰামৰ্শ দিয়া হৈছে। বাকী অঞ্চললৈ যাতে ৰোগ বিয়পি পৰিব নোৱাৰে তাৰ বাবে এনে পৰামৰ্শ দিয়া হৈছে। আনহাতে ছুৱাইন ফিভাৰ ধৰা পৰা অঞ্চলত গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি