শিৱসাগৰ জিলাত গাহৰি মাংস সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ১৪৪নং ধাৰাৰ অধীনত অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে এক নিৰ্দেশনাযোগে জিলাখনত গাহৰি মাংস বিক্ৰী আৰু ক্ৰয় কৰা, মুকলিকৈ গাহৰি কটা তথা সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।
আফ্ৰিকান ছোৱাইন ফিভাৰৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে আই পি চি ১৮৮ অনুসৰি লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা।
উল্লেখযোগ্য যে শিৱসাগৰ জিলাত ইতিমধ্যে আফ্ৰিকান ছোৱাইন ফিভাৰত তিনি শতাধিক গাহৰি মৃত্যুমুখত পৰিছে (African Swine Fever in Sivasagar)।
ইপিনে নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰেতা , গাহৰি পালকসকল উদ্বিগ্ন হৈ পৰিছে। বিগত দুটা বৰ্ষত শিৱসাগৰ জিলাৰ শতাধিক গাহৰি পালকে ছোৱাইন ফিভাৰৰ ফলত বহু গাহৰি মাৰি পেলাবলগীয়া হৈছিল আৰু কিছুমান গাহৰি নিজেই মৰিছিল। ফলত হেজাৰ হেজাৰ টকাৰ ক্ষতিৰ সন্মুখীন হৈছিল যদিও আজি পৰ্যন্ত গাহৰিপালকসকলে চৰকাৰ তথা পশুপালন বিভাগৰ তৰফৰ পৰা ফুটাকড়ি এটাও লাভ নকৰিলে। বৰ্তমান পুনৰ ক্ষতিৰ সন্মুখীন হোৱাত মূৰে–কপালে হাত দিছে গাহৰি পালকসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|