உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সন্মুখত প্ৰকাণ্ড নাহৰফুটুকী..কি কৰিলে AECৰ ছাত্ৰ দেৱব্ৰত চুতীয়া

    সন্মুখত প্ৰকাণ্ড নাহৰফুটুকী..কি কৰিলে AECৰ ছাত্ৰ দেৱব্ৰত চুতীয়া

    নাহৰফুটুকীৰ বিৰুদ্ধে যুজঁ দি জয়ী হ’ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত চুতীয়া

    নাহৰফুটুকীৰ বিৰুদ্ধে যুজঁ দি জয়ী হ’ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত চুতীয়া

    নাহৰফুটুকীৰ বিৰুদ্ধে যুজঁ দি জয়ী হ’ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত চুতীয়া

    • Share this:
    নাহৰফুটুকীৰ বিৰুদ্ধে যুজঁ দি জয়ী হ’ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত চুতীয়া। জালুকবাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰ দেৱব্ৰত চুতীয়াই অন্য দিনাৰ দৰে শুকুৰবাৰে সন্ধিয়াও মহাবিদ্যালয় চৌহদত দৌৰিবলৈ গৈছিল। সন্ধিয়া প্ৰায় ৬ মান বজাত এপাক দৌৰাৰ পিছতেই অকস্মাৎ পথৰ দাতিত চুপ লৈ থকা প্ৰকাণ্ড নাহৰফুটুকী বাঘটোৱে আক্ৰমণ কৰে দেবব্ৰত চুতীয়াক।

    প্ৰায় ৩ মিনিট মান সময় নৰখাদকটোৰ সৈতে তয়াময়া যুজঁত লিপ্ত হৈছিল দেৱব্ৰত চুতীয়া। বাঘৰ আক্ৰমনত হাৰ মনা নাছিল  ছাত্ৰজনে।  পিছত  অন্যান্য ছাত্ৰ আৰু আৱাসিকসকল আহি বাঘটোৰ কবলৰ ৰক্ষা কৰে ধেমাজিৰ ছাত্ৰ দেৱব্ৰত চুতীয়াক। পিছত ততাতৈয়াকৈ আযুৰ্বেদিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দেৱব্ৰতক ।বাঘৰ আক্ৰমণত আহত হোৱা ছাত্ৰজনৰ শৰীৰত প্ৰায় ২০টা চিলাই পৰে। অৱশ্যে দেৱব্ৰত চুতীয়া সম্প্ৰতি সংকটমুক্ত বুলি News18ক জনাইছে সতীৰ্থ ছাত্ৰ সকলে।
    First published: