উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী অধিবক্তাসকলে৷
উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী অধিবক্তাসকলে৷
হোজাই শংকৰদেৱনগৰত অধিবক্তাসকলৰ প্ৰতিবাদ৷ কোভিড–১৯ৰ ফলত বন্ধ হৈ থকা হোজাই বাৰ এছ’চিয়েচন পুনৰ মুকলি কৰাৰ দাবীত হতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত নামিল অধিবক্তাসকল। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী অধিবক্তাসকলে৷
কোভিড–১৯ৰ ফলত স্থবিৰ হৈ থকা ন্যায় ব্যৱস্থাৰ লগত জড়িত ৰাজ্যৰ অধিবক্তাসকলৰ ধৈৰ্যৰ বান্ধ যেন ছিঙি গৈছে। বৃহস্পতিবাৰে হোজাই উকিল সন্থাই কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি বন্ধ হৈ থকা বাৰ এছ’চিয়েচন মুকলি কৰাৰ দাবী জনোৱাৰ লগতে পূৰ্বৰ দৰে ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ দাবী জনায়৷ প্ৰতিবাদৰ পিছতে শংকৰদেৱ নগৰত থকা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ এন এছ দেউৰীৰ জৰিয়তে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে অধিবক্তাসকলে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|