ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ আশংকা কৰি অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ কাৰণে কৰা লেখ আবেদন এতিয়াও বিচাৰাধীন হৈ থকা বুলি মিছাকৈ কৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ অধিবক্তা উয়মন্যু হাজৰিকাই।
আজি এক ভিডিঅ’ বাৰ্তা জাৰি কৰি হাজৰিকাই কয়-‘কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নাগৰিক পঞ্জী পুনৰীক্ষণৰ আবেদন ২০১৯ চনৰ ২৯ জুলাই তাৰিখেই তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে বহা এখন খণ্ড বিচাৰপীঠে খাৰিজ কৰিছে। অসম চৰকাৰেও বিধান সভাৰ মজিয়াত বিষয়টো বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে।’
এই সন্দৰ্ভত হাজৰিকাই সবিশেষ বিচাৰি গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰৰ উত্তৰ প্ৰদান কৰি গৃহ মন্ত্ৰণালয়লয়ে উভয় চৰকাৰৰ আবেদনৰ খাৰিজ হোৱাৰ কথাটো স্পষ্ট কৈ উল্লেখ কৰিছে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
এখন পূৰ্ণাংগ নাগৰিক পঞ্জীৰ আদালতৰ দ্বাৰস্থ নোহোৱাকৈ পুনৰীক্ষণ কৰিব পাৰি। ‘Citizenship Rule 2003’য়ে ৰাজ্য চৰকাৰক এই ক্ষমতা অৰ্পণ কৰিছে কিন্তু বিজেপি শাসিত চৰকাৰ খনে বাংলাদেশী ভোটৰ আশাত এই কাম নকৰে বুলিও মন্তব্য কৰে হাজৰিকাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 06, 2020, 20:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|