‘৬ নং দফা কমিটীত আছে তিনিজনকৈ আইনজ্ঞ, মিছা কথাও কব নাজানে হিমন্ত বিশ্ব শৰ্মাই’- ক’লে উপমন্যু হাজৰিকাই

‘এখন ৰাজ্যৰ মহাধিবক্তা যে এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আইন উপদেষ্টা আৰু অধিবক্তা, এই কথা পাহৰিলে নেকি মন্ত্ৰী হিমন্তই? নে অসম চৰকাৰে নিজৰ মহাধিবক্তা জনকেই মান্যতা নিদিয়ে।’ প্ৰশ্ন হাজৰিকাৰ ৷

- News18 Assam
- Last Updated: September 21, 2020, 9:32 PM IST
পিছে মন্ত্ৰী হিমন্তৰ এনে মন্তব্যৰ পাছতে সৰব হৈ পৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকা ৷ উপমন্যু হাজৰিকাই কয় যে, ‘হিমন্তৰ এনে মন্তব্য দুৰ্ভাগ্যজনক ৷ কিয়নো ডঃ হিমন্ত বিশ্ব শৰ্মাই মিছা কথাও ক’ব নাজানে। মিছা কথা কওঁতে মিছা হৈ ধৰা পৰে মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে গঠন কৰি দিয়া সমিতিখনত অধ্যক্ষ ৰূপে আছে গুৱাহাটী উচ্চ ন্যায়ালয়লৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা। আৰু এজন সদস্য অসম চৰকাৰৰ মহাধিবক্তা ডঃ ৰমেশ বৰপাত্ৰ গোহাঁই আৰু এজন সদস্য অৰুণাচল প্ৰদেশৰ মহাধিবক্তা শ্ৰী নিলয় দত্ত। গতিকে আইনৰ দিশ সমূহ চাবলৈ তেওঁলোক উপযুক্ত নহয় নেকি? নে তেওঁলোক আইনজ্ঞ নহয়?’
‘এখন ৰাজ্যৰ মহাধিবক্তা যে এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আইন উপদেষ্টা আৰু অধিবক্তা, এই কথা পাহৰিলে নেকি মন্ত্ৰী হিমন্তই? নে অসম চৰকাৰে নিজৰ মহাধিবক্তা জনকেই মান্যতা নিদিয়ে।’ প্ৰশ্ন হাজৰিকাৰ ৷
ইফালে কমিটী গঠনৰ সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে, কোনো সাল- সলনি নকৰাকৈ প্ৰতিবেদন কাৰ্যকৰী কৰিব ৷ আনকি মুখ্যমন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে প্ৰতিবেদন কেন্দ্ৰীয় চৰকালৈ প্ৰেৰণ কৰা বুলিও অৱগত কৰিছিল ৷ কিন্তু মহাৰাষ্ট্ৰৰ সাংসদৰ প্ৰশ্নৰ উত্তৰত ফাদিল হ’ল ৰাজ্য চৰকাৰখনৰ মিথ্যাচাৰ ৷