ধনৰ বিনিময়ত কম বয়সৰ কিশোৰ-কিশোৰীক উকিল, ন’টাৰীয়ে দিছে প্ৰেম প্ৰণয়ৰ লাইচেঞ্চ! লখিমপুৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ

News18 Assam | News18-Assam
Updated:November 10, 2020, 1:46 PM IST
ধনৰ বিনিময়ত কম বয়সৰ কিশোৰ-কিশোৰীক উকিল, ন’টাৰীয়ে দিছে প্ৰেম প্ৰণয়ৰ লাইচেঞ্চ! লখিমপুৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ
২০১৮ চনৰ ২৩ এপ্ৰিলৰ দিনা কিশোৰ-কিশোৰীৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰি প্ৰদান কৰিছিল চুক্তিপত্ৰ।

২০১৮ চনৰ ২৩ এপ্ৰিলৰ দিনা কিশোৰ-কিশোৰীৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰি প্ৰদান কৰিছিল চুক্তিপত্ৰ।

  • Share this:
লখিমপুৰত কেইটামান টকা খৰচ কৰিলেই কম বয়সৰ লৰা-ছোৱালীয়ে লাভ কৰে প্ৰেম প্ৰণয়ৰ লইচেঞ্চ ! অভিযোগ অনুসৰি, খোদ উকিল আৰু নটাৰীয়ে কৰি দিয়ে প্ৰণয়ৰ চুক্তিপত্ৰ। ঘটনা অনুসৰি, কম বয়সৰ এহাল কিশোৰ-কিশোৰীৰ মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু উপযুক্ত বয়স নোহোৱাৰ বাবে বিবাহ পাশত আবদ্ধ হ’ব পৰা নাছিল দুয়ো। সেইদৰে মানি লোৱা নাছিল সমাজেও। ফলত তেওঁলোকৰ সম্পৰ্কৰ নাম দিয়াৰ উদ্দেশ্যে পৰিয়ালৰ লোকে দুয়োকে লখিমপুৰৰ ন’টাৰী বিষয়া জন কুমাৰ সেনাপতিৰ ওচৰলৈ লৈ আহে। আৰু দেৱেন নাথ নামৰ এগৰাকী অধিবক্তা আৰু ন’টাৰী বিষয়াজনে দুয়োৰে মাজত এখন প্ৰেম-প্ৰণয়ৰ চুক্তি কৰি দিয়ে।

২০১৮ চনৰ ২৩ এপ্ৰিলৰ দিনা কিশোৰ-কিশোৰীৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰি প্ৰদান কৰিছিল চুক্তিপত্ৰ। নিয়ম অনুসৰি উপযুক্ত বয়স নোহোৱা পৰ্যন্ত তেওঁলোক নিজ নিজ ঘৰতেই থাকিব লাগে। কিন্তু চুক্তি কৰাৰ পিছতে দুয়োকে একেলগে থাকিবলৈ দি আৰম্ভ কৰিবলৈ দিয়া হ’ল বৈবাহিক জীৱন৷

আৰু ঠিক এবছৰৰ পিছতে মাত্ৰ ১৪ বছৰ বয়সতে কিশোৰীগৰাকীৰ কোলালৈ আহে সন্তান। ইয়াৰ পিছতে আৰম্ভ হয় পাৰিবাৰিক কন্দল। আৰু এদিন কিশোৰজনৰ পৰিয়ালে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে কিশোৰীগৰাকীক। বৰ্তমান কিশোৰীগৰাকী আছে ‘শিশু আৰু পৰিয়াল কল্যাণ’ বিভাগৰ অধীনৰ ‘সখী,একক অৱস্থান’ কেন্দ্ৰত ৷

ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া কিশোৰীগৰাকীক শিশু আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ ‘সখীৰ ফালৰ পৰা আইনী সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

এই ঘটনাই এতিয়া সমগ্ৰ লখিমপুৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া প্ৰশ্ন হ’ল যে, বাল্য বিবাহৰ দৰেই এতিয়া লখিমপুৰত ধনৰ বিনিময়ত একাংশ আইনৰ লগত জড়িত লোকে কম বয়সীয়া কিশোৰ-কিশোৰীক চুক্তি কৰি প্ৰেম প্ৰণয়ৰ লাইচেঞ্চ প্ৰদান কৰি আছে নেকি?
Published by: Himangshu Bhuyan
First published: November 10, 2020, 1:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি