১ বছৰত ১ লাখ নিবনুৱাক চাকৰি! এয়া আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপি চৰকাৰে ১ লাখ চাকৰিৰ লক্ষ্যৰে তৃতীয়–চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ১৩,১৪১টা তৃতীয় বৰ্গৰ পদ আৰু ১৩,৩০০টা চতুৰ্থ বৰ্গৰ।
চৰকাৰে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপন নিশ্চিতভাৱে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এক আশাৰ খবৰ। কিন্তু আৰ্থিক সংকটৰ সময়ত এই পদসমূহৰ আবেদন মাচুলৰ জৰিয়তে চৰকাৰে কোটি কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
পূৰ্বেও এপিডিচিএলৰ পৰীক্ষা পাতি বাতিল কৰা হৈছে, বিদেশী ন্যায়াধীকৰণৰ ১৭০০ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি দিয়া নহ’ল। সেই পৰীক্ষাসমূহৰ বাবেও আবেদনকাৰীয়ে মাচুল ভৰিছিল যদিও সেয়া চৰকাৰে ঘূৰাই দিয়াৰ ব্যৱস্থা নকৰিলে। এইবাৰ আকৌ আবেদন মাচুলৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা হ’ব।
প্ৰকাশিত বিজ্ঞাপন অনুসৰি, একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিছটেণ্ট, এলডিএ, ষ্টেনোগ্ৰাফাৰ, ফিল্ডমেন, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনচন অফিচাৰ, চালক আদি পদত নিযুক্তি দিয়া হ’ব। পদ অনুসৰি মাচুল ৩৫০ টকা, ২৫০ টকা, ২০০ টকা আৰু ১৫০ টকাকৈ নিবনুৱাৰ পৰা সংগ্ৰহ কৰা হ’ব। ২৬,৪৪১টা পদৰ বিপৰীতে লাখ লাখ নিবনুৱাই আবেদন কৰিব। ফলত চৰকাৰৰ কোটি কোটি টকা সংগ্ৰহ হ’ব। প্ৰশ্ন উঠিছে, নিবনুৱাৰ প্ৰতি সদিচ্ছা আছেনে কেৱল আৱেদন মাচুল সংগ্ৰহ কৰাহে হ'ব এইবাৰো?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|