মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News: মাজনিশা জালুকবাৰীত চলা অভিযানত বাহিৰৰ পৰা অহা শাক-পাচলিৰ নমুনা সংগ্ৰহ প্ৰশাসনৰ বিশেষ দলৰ

Assam News: মাজনিশা জালুকবাৰীত চলা অভিযানত বাহিৰৰ পৰা অহা শাক-পাচলিৰ নমুনা সংগ্ৰহ প্ৰশাসনৰ বিশেষ দলৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ ভিত্তিত এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ ভিত্তিত এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ ভিত্তিত এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছে।

  • Share this:
মাজনিশা মহানগৰীৰ জালুকবাৰীস্থিত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনৰ বিশেষ অভিযান চলে। গুৱাহাটীৰ বাহিৰৰ পৰা আমদানিকৃত শাক-পাচলিৰ কঢ়িওৱা বাহনসমূহত আৰক্ষীয়ে অভিযান চলাই বাহনসমূহৰ পৰা বিভিন্ন শাক-পাচলিৰ নমুনা সংগ্ৰহ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ ভিত্তিত এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছে। ৰাজ্যিক জনস্বাস্থ্য বিশ্লেণাগাৰত এই নমুনাসমূহৰ পৰীক্ষণ কৰা হ'ব।

শাক-পাচলিসমূহত কিমান পৰিমাণৰ ৰাসায়নিক সাৰ, কীটনাশক দৰৱ ব্যৱহাৰ কৰা হৈছে সেইয়া পৰীক্ষা কৰা হ'ব। এইসমূহৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক তথা জনস্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক নেকি তাক লৈও পৰীক্ষা চলোৱা হ'ব। পৰীক্ষাৰ ফলাফলৰ পাছত আদালতৰ নিৰ্দেশমৰ্মে উপযুক্ত ব্যৱস্থা লোৱা হ’ব। অভিযান চলোৱা দলটোত প্ৰশাসনৰ বিভিন্ন বিভাগ যেনে কৃষি, খাদ্য সুৰক্ষা, পৰিবহন আৰু আৰক্ষী বিভাগৰ একোজনকৈ লোক আছে।

জানিব পৰা মতে, মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰৱেশ পথসমূহত ৬টাকৈ দলৰ এনেদৰে নমুনা সংগ্ৰহ কৰা হৈছে। জালুকবাৰীত মন্দিয়া, ধূপগুৰি, কোচবিহাৰ আৰু বেচিমাৰীৰ পৰা প্ৰৱেশ কৰা বাহনসমূহৰ পৰা নমুনাসমূহ সংগ্ৰহ কৰা হয়।

শেহতীয়া বাতৰি