মুখ্যপৃষ্ঠা »খবৰ »অসম »Sivasagar : শিৱসাগৰৰ প্ৰগতি হাস্পতাল ছীল কৰিলে প্ৰশাসনে, ৱাৰ্ড কমিছনাৰৰ মৃত্যুৰ তদন্ত ঘোষণা

Sivasagar : শিৱসাগৰৰ প্ৰগতি হাস্পতাল ছীল কৰিলে প্ৰশাসনে, ৱাৰ্ড কমিছনাৰৰ মৃত্যুৰ তদন্ত ঘোষণা

সন্ধিয়া তদন্তকাৰী দল উপস্থিত হৈ ছীল কৰে হাস্পতালখন।

সন্ধিয়া তদন্তকাৰী দল উপস্থিত হৈ ছীল কৰে হাস্পতালখন।

সন্ধিয়া তদন্তকাৰী দল উপস্থিত হৈ ছীল কৰে হাস্পতালখন।

  • Share this:

বৃক্কৰ সাধাৰণ সংক্ৰমণৰ বাবে শিৱসাগৰৰ প্ৰগতি হাস্পতালত ভৰ্তি হোৱা বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী তথা ৱাৰ্ড কমিছনাৰ উপমা বৰাৰ মৃত্যুক লৈ শিৱসাগৰ জিলাত (Sivasagar District) প্ৰতিবাদ হোৱাৰ পিছতে আজি প্ৰশাসনে হাস্পতালখন ছীল কৰে।


সন্ধিয়া তদন্তকাৰী দল উপস্থিত হৈ ছীল কৰে হাস্পতালখন। ৰাজহ চক্ৰ বিষয়া জীৱনকৃষ্ণ গোস্বামীৰ নেতৃত্বত হাস্পতালখনলৈ অহা দলটোৱে প্ৰতিটো চিকিৎসা কক্ষ, কাউন্টাৰ, গেটত "closed" লিখি আঁৰি দিয়ে পোষ্টাৰ। ইয়াৰ পিছত মূল গেটত তলা লগাই চাবি লৈ যায় তদন্তকাৰী দলে।


উল্লেখ্য, ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰা (Ward Commissioner Upama Bora) আৰু ২১ জানুৱাৰীত নৃপেন খঙীয়াৰ মৃত্যু সন্দৰ্ভত ইতিমধ্যে অতিৰিক্ত জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালভাৱে এই সমগ্ৰ ঘটনা অনুসন্ধান কৰিবৰ বাবে অতিৰিক্ত জিলা দণ্ডাধীশ চন্দনা বৰুৱাৰ অধ্যক্ষতাত তিনিজন জ্যেষ্ঠ চিকিৎসকসহ এক মেডিকেল টীম গঠন কৰা হৈছে।

শেহতীয়া বাতৰি