মহানগৰ আৰক্ষীৰ মাজত হাহাকাৰ, থানা চলাবলৈ অভাৱ হৈছে বিষয়া কৰ্মচাৰীৰ ৷ পজিটিভ হল ৮৭ গৰাকী, quarantine ত ৩০০ আৰক্ষী ৷
ৰাজ্যজুৰি কোৰোণা ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে ৷ লাহে লাহে ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত মহানগৰীত আৰম্ভ হৈছে গণ সংক্ৰমণ ৷ গুৱাহাটী মহানগৰীত বৰ্তমানলৈকে ওলাইছে দৈনিক গড়ে ১০০ ৰ পৰা ১৫০ জন লোক কভিড 19 পজিটিভ হৈছে ৷
সাধাৰণ ৰাইজৰ সমান্তৰালকৈ কোৰোণা ভাইৰাছৰ সংক্ৰমণ হৈছে আৰক্ষীৰ মাজতো ৷ গুৱাহাটী মহানগৰীতে কভিড পজিটিভ পাইছে ৮৭ জনকৈ আৰক্ষীৰ লোক ৷ বিশেষকৈ পানবজাৰ আৰক্ষী থানা এলেকা, সৰুসজাই screening center ত কৰ্তব্য কৰা আৰক্ষীৰ লোকৰ মাজত সংক্ৰমিত হৈছে কভিড 19 ৷ লাহে লাহে ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীৰ মাজত আৰম্ভ হৈছে গণ সংক্ৰমণ ৷ আনহাতে জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াও কভিড আক্ৰান্ত হৈছে ৷
আৰক্ষী আয়ুক্তই নিউজ 18 ৰ আগত প্ৰকাশ কৰা মতে আৰক্ষী কোৰোণা পজিটিভ হোৱাৰ পিছত সমগ্ৰ পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহন কৰিছে গুৱাহাটী আৰক্ষীয়ে ৷ ইতিমধ্যে পজিটিভ হোৱা ৭৩ গৰাকীৰ ১৭ গৰাকী সুস্থ হৈছে ৷ গুৱাহাটীত আৰক্ষীৰ মাজত বৃদ্ধি পোৱা কভিড পজিটিভ কাৰনে মহানগৰ আৰক্ষীয়ে নিৰ্মান কৰিছে নিজাববীয়াকৈ Quarantine চেন্টাৰ ৷ যত কভিড পজিটিভ লোকৰ সংস্পৰ্শলৈ লোকক কৰা হব quarantine ৷ বৰ্তমানলৈকে ৮৭গৰাকী আৰক্ষী লোকৰ ১৭ গৰাকী বৰ্তমান সুস্থ হৈ কৰ্তব্যত যোগদান কৰিছে ৷
কেৱল গুৱাহাটী মহানগৰতে ৩০০ আৰক্ষীৰ লোক quarantine ত আছে ৷ সমগ্ৰ অসমত পজিটিভ ১০০ অতিক্ৰম কৰাৰ লগতে ১১০০ আৰক্ষীৰ লোক ৷
আনহাতে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়তো আৰম্ভ হ’ল কভিড পজিটিভ কেচ ৷ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ পিছত এইবাৰ পজিটিভ হ’ল জিলা জনসংযোগ বিষয়া ৰতন সাউদ ৷ এনেকৈ লাহে লাহে কভিডৰ হাতোৰাৰ মাজলৈ আহিছে frontline warrior সকল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|