মুখ্যপৃষ্ঠা »খবৰ »অসম »BTR Expansion : বিটিআৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আদিবাসী ৰাইজ ওলাই আহিল পথলৈ, আদিবাসীৰ অধিকাৰ-সুৰক্ষাক লৈ শংকা

BTR Expansion : বিটিআৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আদিবাসী ৰাইজ ওলাই আহিল পথলৈ, আদিবাসীৰ অধিকাৰ-সুৰক্ষাক লৈ শংকা

বিটিআৰ সম্প্ৰসাৰণ নামানো, মুখ্যমন্ত্ৰী হিমন্ত-মন্ত্ৰী সিংহাল ,বিটিআৰ প্ৰধান প্ৰমোদ বড়ো হুছিয়াৰ ধ্বনিৰে আছাই কপাঁলে ঢেকীয়াজুলি৷

বিটিআৰ সম্প্ৰসাৰণ নামানো, মুখ্যমন্ত্ৰী হিমন্ত-মন্ত্ৰী সিংহাল ,বিটিআৰ প্ৰধান প্ৰমোদ বড়ো হুছিয়াৰ ধ্বনিৰে আছাই কপাঁলে ঢেকীয়াজুলি৷

  • Share this:

বিটিআৰ সম্প্ৰাসাৰণক কেন্দ্ৰ কৰি উত্তৰ অসমত প্ৰতিবাদ অব্যাহত আছে৷ বিটিআৰ সম্প্ৰসাৰণক লৈ ৰাজ্য চৰকাৰে নিজৰ স্থিতি স্পষ্ট নকৰাত দল-সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি বিটিআৰ বিৰোধিতাৰে উত্তাল হ’ল ঢেকীয়াজুলি৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(AASAA)ৰ প্ৰতিবাদত কঁপিল ঢেকীয়াজুলি৷


আছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীত কেইবাসহস্ৰ আদিবাসী ৰাইজ ওলাই আহে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ আছাৰ আহ্বানত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত 'বিটিআৰ সম্প্ৰসাৰণ (BTR Expansion) ক্ষেত্ৰত পুনৰ বিবেচনা কৰক, আদিবাসীসকলৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰক, বিটিআৰ সম্প্ৰসাৰণ আমি নামানো, আদি প্ৰতিবাদী শ্লোগান দিয়ে। ঢেকীয়াজুলিৰ চট ঘাটৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঢেকীয়াজুলি নগৰ পৰিভ্ৰমণ কৰে৷


উক্ত প্ৰতিবাদী কাৰ্যসূচীত শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমৰজিৎ কেৰ্কেটাই সাংবাদিকৰ আগত কয়- ''আমি বিটিআৰৰ বিৰোধিতা কৰা নাই৷ সংগঠনৰ সৈতে আলোচনা বা পৰামৰ্শ নোলোৱাকৈ সম্পূৰ্ণ একপক্ষীয়ভাৱে বিটিআৰ সম্প্ৰসাৰণ কৰিছে, সেয়ে আমি বিৰোধ কৰিছোঁ। কাৰণ শোণিতপুৰৰ বিশেষকৈ ঢেকীয়াজুলি,ৰঙাপৰা,চাৰিদুৱাৰ,চতিয়াৰ আদিবাসী ৰাইজ বিটিআৰ সম্প্ৰসাৰণক লৈ শংকিত হৈছে৷ আমাৰ মাটিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰ আদিকে ধৰি সকলো অধিকাৰ সুৰক্ষিত হৈ থাকিব নে? চৰকাৰে আমাৰ জনগোষ্ঠীৰ লোকসকলক আশ্বস্ত কৰিব পৰাকৈ এতিয়ালৈকে পদক্ষেপ লোৱা নাই৷ এটা সমষ্টি এজন বিধায়কৰ পৈত্ৰিক সম্পত্তি নহয়৷ গতিকে বিষয়টো সমাধান নোপোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিম।'' শোণিতপুৰ জিলা আছাৰ উপ-সভাপতি নাৰায়ণ সিং গোড়েও চৰকাৰক তীব্ৰ সমালোচনা কৰি চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷


আছাৰ সভাপতি প্ৰদীপ নাগে কয়- বিটিআৰ সম্প্ৰসাৰণত আছাই বিৰোধিতা কৰা নাই৷ কিন্তু চৰকাৰে ঘোষণা কৰাৰ পূৰ্বে শোণিতপুৰ ,বিশ্বনাথৰ আদিবাসী ৰাইজ, দল-সংগঠনৰ সৈতে বিষয়টো এবাৰো আলোচনা নকৰিলে৷ ঘোষণা কৰাৰ পিছত আলোচনাৰ কোনো ভিত্তি নাই৷ বিটিআৰ প্ৰসংগত ঢেকীয়াজুলিত আছাৰ এক আলোচনা মিলিত হৈ চৰকাৰক বিটিআৰ প্ৰসংগত ৰাইজৰ শংকা দূৰ কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে৷ ইপিনে আছাৰ সাধাৰণ সম্পাদক নোৱাছ বাৰ্লায়ো এই প্ৰতিবেদকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে- বিটিআৰ চুক্তি অনুসৰি গাঁও অন্তৰ্ভুক্তি আৰু কৰ্তন আছিল৷ কিন্তু গাঁও কৰ্তনৰ ক্ষেত্ৰত আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সম্পূৰ্ণ ৰাজনৈতিক ইচ্ছা, চিন্তাধাৰাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁও অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে৷ আদিবাসীৰ বিভিন্ন সমস্যা আছে, সেইবোৰ কিন্তু কাৰ্যকৰী কৰা নাই৷ জনজাতিকৰণ বিষয়টোত পুনৰ আছাই আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতাগৰাকীয়ে৷

শেহতীয়া বাতৰি