২১ৰ নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰক আমাৰ দাবী – হাতে-হাতে ধনু-কাঁড় লৈ আদিবাসীৰ গণ হুংকাৰ

News18 Assam | News18-Assam
Updated:November 30, 2020, 12:45 PM IST
২১ৰ নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰক আমাৰ দাবী – হাতে-হাতে ধনু-কাঁড় লৈ আদিবাসীৰ গণ হুংকাৰ
আদিবাসী সকলৰ কেইবাটাও মূল দাবীৰে আছাই ঢেকিয়াজুলিত ৰূপায়ণ কৰা “আদিবাসী গণ হুংকাৰ” প্ৰতিবাদী কাৰ্যসূচীত দহ সহস্ৰাধিক আদিবাসী ৰাইজে হাতে- হাতে ধনু–কাঁড়, প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

আদিবাসী সকলৰ কেইবাটাও মূল দাবীৰে আছাই ঢেকিয়াজুলিত ৰূপায়ণ কৰা “আদিবাসী গণ হুংকাৰ” প্ৰতিবাদী কাৰ্যসূচীত দহ সহস্ৰাধিক আদিবাসী ৰাইজে হাতে- হাতে ধনু–কাঁড়, প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

  • News18 Assam
  • Last Updated: November 30, 2020, 12:45 PM IST
  • Share this:
ৰাজ্যত পুনৰ আৰম্ভ হৈছে জনজাতিকৰণৰ আন্দোনল৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই দীৰ্ঘদিন ধৰি প্ৰতিবাদ–আন্দোলন অব্যাহত ৰখাৰ পিছতো চৰকাৰে ইয়াক ফলপ্ৰসূ সমাধান নকৰাত পুনৰ আন্দোলনত নামিছে সংগঠনটোৱে৷ ঢেকিয়াজুলিত (আছা)ই প্ৰায় দহ সহস্ৰাধিক আদিবাসী ৰাইজৰ উপস্থিতিৰে বিজেপি চৰকাৰক গণ হুংকাৰ দিয়ে৷

২১ৰ পূৰ্বে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে অসমত বিজেপিক উৎসাত কৰাৰ হুংকাৰ দিয়ে আছাই৷ আদিবাসী সকলৰ কেইবাটাও মূল দাবীৰে আছাই ঢেকিয়াজুলিত ৰূপায়ণ কৰা “আদিবাসী গণ হুংকাৰ” প্ৰতিবাদী কাৰ্যসূচীত দহ সহস্ৰাধিক আদিবাসী ৰাইজে হাতে- হাতে ধনু–কাঁড়, প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছাৰ সভাপতি প্ৰদীপ নাগৰ মন্তব্য - বিজেপি দলে ২০১৬চনত প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে ক্ষমতালৈ আহিলে ৰাজ্যত বসবাস কৰা আদিবাসীসকলক তেওঁলোকৰ সাংবিধানিক অধিকাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব৷ কিন্তু ৰাজ্যৰ বিজেপি চৰকাৰৰ ৪ বছৰ উকলিল, আজি পৰ্যন্ত আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাম কৰা নাই৷ সেয়ে আজি অসমৰ আদিবাসী সকল জাগি উঠিছে৷ ২০২১ত বিজেপিক অসমৰ ক্ষমতাৰ পৰা উৎসাত কৰি আদিবাসীক কৰা বঞ্চনাৰ প্ৰত্যুত্তৰ দিয়া হ’ব৷ বিজেপিয়ে যদি আদিবাসীক চিনি পোৱা নাই আদিবাসীয়েও বিজেপিক চিনি নাপায়৷ আমাৰ দাবী আছিল আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, মাটিৰ পট্টা দিয়া, চাহ শ্ৰমিকৰ মজুৰি ৩৫১লৈ বৃদ্ধি কৰা। বিজেপিয়ে এই দাবী মানি লোৱাৰ বাবে আমি বিজেপিক ২০১৬ সমৰ্থন কৰিছিলো৷ কিন্তু তেখেতসকলে আজি মিছলীয়াৰ দৰে হ’ল৷ আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী সমাধান নকৰিলে৷ আদিবাসী-চাহ শ্ৰমিক কেতিয়াও বিজেপিৰ ভোট বেংক নহয়৷ যদি আদিবাসীৰ ভোট লাগে ২১ৰ পূৰ্বে জনজাতিকৰণ দিয়ক অন্যথা বিজেপি অসমৰ পৰা যাব লাগিব সেয়া খাটাং৷
Published by: Sanjay Kumar Das
First published: November 30, 2020, 12:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি