• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক, ৰাজনীতি ব্যৱসায় নহয়’ – কিয় ক’লে অদীপ ফুকনে?

‘আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক, ৰাজনীতি ব্যৱসায় নহয়’ – কিয় ক’লে অদীপ ফুকনে?

বদৰুদ্দিন আজমলক সমালোচনা কৰি অদীপ ফুকনে কয় যে আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক।

বদৰুদ্দিন আজমলক সমালোচনা কৰি অদীপ ফুকনে কয় যে আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক।

বদৰুদ্দিন আজমলক সমালোচনা কৰি অদীপ ফুকনে কয় যে আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক।

  • Share this:
ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পিছত এইবাৰ বৰাকত আৰম্ভ হৈছে অসম জাতীয় পৰিষদৰ কমিটী গঠনে প্ৰক্ৰিয়া। আজি হাইলাকান্দিস্থিত স্থানীয় ৰবীন্দ্ৰ ভবনত অনুষ্টিত হয় অসম জাতীয় পৰিষদৰ  কমিটী গঠন সভা আৰু এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল দলৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকন। তেওঁৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ হাইলাকান্দি জিলা আহ্বায়ক  কমিটী গঠন কৰা হয় লগতে প্ৰায় ৫ শতাধিক লোকে আজি যোগদান কৰিছে অসম জাতীয় পৰিষদত।

২০২‍১ নিৰ্বাচনত দলৰ পৰা বৰাক উপত্যকাৰ ১৫খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু বৰাক উপত্যকাত ১৫ৰ ভিতৰত ৫খন আসনত জয়লাভ কৰিব বুলি আশাবাদী দলৰ শীৰ্ষ নেতৃত্ব।

বদৰুদ্দিন আজমলক সমালোচনা কৰি অদীপ ফুকনে কয় যে আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক। কাৰণ ৰাজনীতি ব্যৱসায়ৰ স্থান নহয় যে AIUDF দলৰ পৰা নিৰ্বাচন খেলিলে ১০ কোটি টকা দি টিকট ক্ৰয় কৰি নিৰ্বাচন খেলিব। পিছত তেনেহলে কেনেকৈ কৰিব সমষ্টি উন্নয়ন। তাতকৈ ভাল অজমলে ব্যৱসায় কৰক।

অসম–মিজোৰাম সীমান্তৰ সীমা বিবাদ সন্দৰ্ভত অদীপ ফুকনে কয় যে চৰকাৰে নিজ ইচ্ছাৰে এই সীমান্ত সমস্যা জিয়াই ৰাখিছে। নিৰ্বাচন আহিলে এই সীমান্তৰ সমস্যা আহে আৰু তাৰ পিছত আকৌ কিছুদিনৰ বাবে এইটো সমস্যা সমাধান হয়। নেডাৰ আহ্বায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিছিল বুলি কয় ফুকনে। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই মিজোৰামত চৰকাৰৰ গঠন কৰিব পাৰে, কিন্তু মিজোৰামৰ লগত আলোচনা কৰি এই সীমা সমস্যা সমাধান কৰিব নোৱাৰে নেকি? যদিহে অসম জাতীয় পৰিষদ দলৰ চৰকাৰ আহে তেনেহ’লে প্ৰথমে এই সীমা সমস্যা সমাধান কৰিব বুলিও কয় অদীপ ফুকনে।
Published by:Sanjay Kumar Das
First published: