বিতৰ্ক! 'আদি শংকৰাচাৰ্যই মাজুলীত প্ৰতিষ্ঠা কৰিছিল সত্ৰ’- অসমৰ ঐতিহ্যক বিকৃত কৰি গছত গৰু উঠা প্ৰচাৰ গুৱাহাটীৰ অভিজাত প্ৰতিষ্ঠানৰ, প্ৰতিক্ৰিয়াৰ জোৱাৰ

News18 Assam | News18-Assam
Updated:November 22, 2020, 7:37 PM IST
বিতৰ্ক! 'আদি শংকৰাচাৰ্যই মাজুলীত প্ৰতিষ্ঠা কৰিছিল সত্ৰ’- অসমৰ ঐতিহ্যক বিকৃত কৰি গছত গৰু উঠা প্ৰচাৰ গুৱাহাটীৰ অভিজাত প্ৰতিষ্ঠানৰ, প্ৰতিক্ৰিয়াৰ জোৱাৰ
চহকী মাজুলীৰ সত্ৰ সংস্কৃতিৰ সন্দৰ্ভত এতিয়া চলোৱা হৈছে ভুৱা প্ৰচাৰ।

চহকী মাজুলীৰ সত্ৰ সংস্কৃতিৰ সন্দৰ্ভত এতিয়া চলোৱা হৈছে ভুৱা প্ৰচাৰ।

  • Share this:
অসমীয়া জাতিৰ চানেকী, মাজুলীৰ সত্ৰ সংস্কৃতিক অপভ্ৰংশ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি খোদ গুৱাহাটী মহানগৰীৰে অভিজাত প্ৰতিষ্ঠান? চহকী মাজুলীৰ সত্ৰ সংস্কৃতিৰ সন্দৰ্ভত এতিয়া চলোৱা হৈছে ভুৱা প্ৰচাৰ।

"অপনা দেশ কো জানো" নামেৰে বিভিন্ন বাতৰি কাকতত প্ৰকাশিত প্ৰচাৰ বিজ্ঞাপনত নদী দ্বীপ মাজুলীক ১৫১০ চনত আদি শংকৰাচাৰ্যই বিচাৰি উলিয়াই, সত্ৰ স্থাপন কৰা বুলি প্ৰচাৰ চলাইছে। এই বিজ্ঞাপন পৰিচালনা কৰিছে গুৱাহাটীৰ " প্ৰিয়া কমিউনিকেচন" নামৰ এটা প্ৰতিষ্ঠানে। ২০১৭ চনৰ পৰা প্ৰতিষ্ঠানটোৱে "অপনা দেশ কো জানো"ৰ ব্যৱসায় চলাই আহিছে।।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।











আমাৰ হাতত আহি পৰা তথ্য মতে, "অপনা দেশ কো জানো" আৰু "প্ৰিয়া কমিউনিকেচন" ৰ মুখ্য ব্যক্তি হ'ল অনুপ খান্না। অসমতে শিক্ষা লাভ কৰা অনুপ খান্নাই সঁচাকৈয়ে মাজুলীৰ বিষয়ে অৱগত নহয় নে ইয়াৰ আঁৰত আছে অন্য কিবা ষড়যন্ত্ৰ?
Published by: Himangshu Bhuyan
First published: November 22, 2020, 7:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading