• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Mizoram Border Clash : অসম আৰক্ষীলৈ কোনে গুলীয়াইছিল তাৰ শুংসূত্ৰ দিলে অসম আৰক্ষীয়ে দিব ৫ লাখ টকাৰ পুৰস্কাৰ

Assam-Mizoram Border Clash : অসম আৰক্ষীলৈ কোনে গুলীয়াইছিল তাৰ শুংসূত্ৰ দিলে অসম আৰক্ষীয়ে দিব ৫ লাখ টকাৰ পুৰস্কাৰ

এই ঘটনাক লৈ দিল্লীতো তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰি জি পি সিঙে কয় যে মিজো আৰক্ষীয়ে শাস্তি পাব লাগিব।

  • Share this:
অসম–মিজোৰাম সীমান্তৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ। অসম আৰক্ষীলৈ কোনে গুলীয়াইছে তাৰ শুংসূত্ৰ দিব পৰাজনক অসম আৰক্ষীয়ে ৫ লাখ টকা দিব বুলি ঘোষণা জি পি সিঙৰ।

জি পি সিঙে কয়, ‘‘মিজো আৰক্ষীয়ে আক্ৰমণ কৰিছিল লাইলাপুৰত। আমি আৰক্ষীৰ লোকে কোনো আৰক্ষীৰ ওপৰত আক্ৰমণ নকৰো। মিজো আৰক্ষীয়ে বেয়া কাম কৰিছে। তেওঁলোকৰ লগত চিভিলিয়ানো আছিল। অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰি আছো।’’

এই ঘটনাক লৈ দিল্লীতো তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰি জি পি সিঙে কয় যে মিজো আৰক্ষীয়ে শাস্তি পাব লাগিব। সোমবাৰৰ ঘটনাৰ সময়ত অসমৰ লোকক যি মাৰণাস্ত্ৰৰে আক্ৰমণ কৰিছিল সেই অস্ত্ৰ কেৱল আৰক্ষীৰ লগতহে থাকে। অসমৰ ভূমিত মিজোই আৰু আক্ৰমণ কৰিব নোৱাৰিব।
Published by:Sanjay Kumar Das
First published: