
মুখ্যমন্ত্ৰীৰ কৰ্মসংস্কৃতিৰ আহ্বানক উপলুঙা
মুখ্যমন্ত্ৰীৰ কৰ্মসংস্কৃতিৰ আহ্বানক উপলুঙা
চৰাইদেউ জিলাৰ (Charaideo District) সদৰ সোণাৰি নগৰস্থিত চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ কৰ্মসংস্কৃতি উদঙালে জিলা অতিৰিক্ত উপাযুক্তই। বিভিন্ন পক্ষৰ অভিযোগৰ ভিত্তিত অতিৰিক্ত জিলা উপায়ুক্ত জাবেদ আৰমানে News18ক লগত লৈ আজি জিলা সদৰ সোণাৰিৰ নিয়োগ বিনিময় কেন্দ্ৰ, ভূমি সংৰক্ষণ কাৰ্যালয়,সাংস্কৃতিক বিভাগৰ কাৰ্যালয়,জোখ-মাপ নিয়ন্ত্ৰণ বিভাগৰ কাৰ্যালয়কে আদি কৰি ভালেকেইটা কাৰ্যালয়ত হঠাৎ পৰিদৰ্শন কৰি ভালেকেইটা কাৰ্যালয়ত অকৰ্তৃত্বশীল ৰূপে বিষয়া-কৰ্মচাৰী উপস্থিত নথকা তথ্য পোহৰলৈ আনে।
এইদৰে নিজ খেয়ালখুচি মতে কাৰ্যালয়সমূহত বিষয়া-কৰ্মচাৰীসকল উপস্থিত নথকা কাৰ্যই মুখ্যমন্ত্ৰীৰ কৰ্মসংস্কৃতিৰ আহ্বানক উপলুঙা কৰা বুলি গণ্য কৰা হৈছে। এইসকল কৰ্মচাৰীৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|