উচ্চপদস্থ আৰক্ষী বিষয়াৰ দ্বাৰা তদন্ত কৰিবলৈও DGPক নিৰ্দেশ উচ্চপদস্থ আৰক্ষী বিষয়াৰ দ্বাৰা তদন্ত কৰিবলৈও DGPক নিৰ্দেশ নগাঁও জিলাৰ চলুখোৱা তিনিআলিত ঘোৱা ২২ জানুৱাৰীত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ (police firing incident at Nagaon) সম্পৰ্কত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত আজাদীৰা তদন্ত সমিতিয়ে দাখিল কৰা তদন্ত প্রতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। এই তদন্ত সমিতিয়ে (inquiry committee) দাখিল কৰা প্রতিবেদনৰ পৰামৰ্শ অনুসৰি আজি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত এলানি ব্যবস্থা গ্রহণৰ বাবে নির্দেশ জাৰি কৰিছে।
গৃহ আৰু ৰাজনৈতিক বিভাগে (Home and Political Department) জাৰি কৰা নির্দেশ মতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত বৰ্তমানৰ এণ্টি নাৰ্ক'টিক স্কোৱাডটো ভংগ কৰিবলৈ, সশস্ত্ৰ শাখাৰ উপ পৰিদৰ্শক প্রদীপ বণিয়া আৰু নীলকমল বৰাৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা দুয়োটা গোচৰ অপৰাধ অনুসন্ধান শাখালৈ হস্তান্তৰ কৰিবলৈ আৰু উক্ত ঘটনাত জড়িত প্রতিজন আৰক্ষী বিষয়াই পালন কৰা ভূমিকা সন্দৰ্ভত এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰাবলৈ কোৱা হৈছে।
লগতে, সশস্ত্র শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ, নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্ক'টিক স্কোৱাডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ পত্ৰখনত কোৱা হৈছে ।
একেদৰে এই গোচৰৰ সকলো সাক্ষীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ, ৰাইজৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ বিৰুদ্ধে সজাগতা সৃষ্টি, আইন অনুসৰি নিচাযুক্ত সম্পর্কীয় গোচৰসমূহত সঠিক ব্যবস্থা গ্রহণ নিশ্চিত কৰিবলৈও অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক (Director General of Assam Police) নির্দেশ প্রদান কৰা হৈছে ।
উক্ত নির্দেশাৱলী সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষী সঞ্চালকপ্ৰধানক অতি সোনকালে গৃহ আৰু ৰাজনৈতিক বিভাগক প্রতিবেদন দাখিল কৰিবলৈও পত্ৰত নির্দেশ দিয়া হয়।
Published by: Gautam Barman
First published: February 08, 2022, 20:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|