মুখ্যপৃষ্ঠা »খবৰ »অসম »কীৰ্তিকমল এনকাউণ্টাৰ ঘটনাঃ 'সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হ'ল, তদন্তৰ প্ৰতিবেদন আমি চৰকাৰক দাখিল কৰিম'- নগাঁৱত অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ মন্তব্য

কীৰ্তিকমল এনকাউণ্টাৰ ঘটনাঃ 'সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হ'ল, তদন্তৰ প্ৰতিবেদন আমি চৰকাৰক দাখিল কৰিম'- নগাঁৱত অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ মন্তব্য

নগাঁও আৱৰ্ত ভৱনত নিশা ১১বজালৈকে অভিযুক্ত আৰক্ষীৰ জোৱানক জেৰা।

নগাঁও আৱৰ্ত ভৱনত নিশা ১১বজালৈকে অভিযুক্ত আৰক্ষীৰ জোৱানক জেৰা।

নগাঁও আৱৰ্ত ভৱনত নিশা ১১বজালৈকে অভিযুক্ত আৰক্ষীৰ জোৱানক জেৰা।

  • Share this:
"কীৰ্তিকমলৰ পৰিয়াল আৰু প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য আমি গ্ৰহণ কৰিলো। আৰক্ষীৰো ভাষ্য গ্ৰহণ কৰিলো। তদন্তৰ প্ৰতিবেদন আমি চৰকাৰক দাখিল কৰিম।"- এই মন্তব্য অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ।

ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ সন্দৰ্ভত তদন্ত কৰাৰ বাবে নগাঁও আৱৰ্ত ভৱনত বাহৰ পতা ৰাজ্যৰ অতিৰিক্ত মুখ্যসচিব গৰাকীয়ে সংবাদ মাধ্যমক জনায় যে, গোচৰটোৰ লগত জড়িত প্ৰায় সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হৈছে। অৱশ্যে তদন্তৰ ফলাফল সন্দৰ্ভত তথ্য সংবাদ মাধ্যমক জনাব নোৱাৰিব বুলিও তেওঁ স্পষ্ট ভাৱে জনায়।

তেও লগতে কয়, 'জেৰা কালত লাভ কৰা সকলো তথ্য প্ৰতিবেদন আকাৰত চৰকাৰক দাখিল কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা ল'ব।

উল্লেখযোগ্য যে, শুকুৰবাৰে পুৱা ১০বজাৰ পৰা নিশা ১১বজা পৰ্যন্ত বিষয়াগৰাকীয়ে কীৰ্তিকমল বৰাৰ গোচৰৰ লগত জড়িত বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ কৰে। শনিবাৰে পুনৰ তদন্তকাৰী দলটোৱে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ কেইবাগৰাকীও জোৱানক জেৰা চলাব বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি