NHMৰ ভয়ানক কাৰচাজি! লুকুৱাইছে নেকি জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ তথ্য?

News18 Assam | News18-Assam
Updated:July 22, 2020, 10:29 PM IST
NHMৰ ভয়ানক কাৰচাজি! লুকুৱাইছে নেকি জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ তথ্য?
Source-Google

কোৰোণাৰ সমানে সমানে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগেও ৰাজ্যত চলাইছে তাণ্ডৱ

  • Share this:
কোৰোণা প্ৰতিৰোধৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। কিন্তু কোৰোণাৰ সমান্তৰালভাবে ৰাজ্যত তাণ্ডৱ চলোৱা জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগক লৈ চলিছে ভয়ানক কাৰচাজি। পৰ্যায় এনে পাইছে গৈ যে, ৰাজ্যত তাণ্ডৱ চলোৱা এনকেফেলাইটিছ সদৃশ ৰোগৰ তথ্য লুকুৱাইছে NHMএ।

ৰাজ্যত এই পৰ্যন্ত কোৰেণাত আক্ৰান্ত ২৫ হাজাৰ লোক। মৃত্যু হৈছে ৬৪ গৰাকীৰ ৷ এই ভয়াৱহতাৰ সমানে সমানে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগেও চলাইছে তাণ্ডৱ । ১৩ জুলাইলৈকে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে ১১জন লোকৰ ৷ আক্ৰান্ত হৈছে ৮২ জন ৷



NHM এ প্ৰকাশ কৰা মেডিকেল বুলেটিন অনুসৰি ১৩ জুলাইলৈকে এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে ২৯ জনৰ ৷ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ১৯০ জন ব্যক্তি ৷ অৰ্থাৎ জাপানীজ এনকেফেলাইটিছ আৰু  এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে ৪০ গৰাকীৰ আৰু আক্ৰান্ত হৈছে ২৭২ গৰাকী ৷ কিন্তু আশ্বৰ্যকৰ কথা যে,NHMৰ বুলেটিনৰ পৰা নোহোৱা হ'ল AESৰ আক্ৰান্তৰ তথ্য ৷ ১৪ জুলাই আৰু ২১ জুলাইৰ বুলেটিনত নাই AESৰ তথ্য।

যিসময়ত কোৰোণা বিৰোধী যুঁজত অতি দক্ষতাৰে যুঁজিছে বুলি স্বাস্থ্য বিভাগে ঢোল পিটিছে সেই সময়ত NHMৰ বুলেটিনৰ পৰা কিয় নোহোৱা হ'ল ডাটা? AES ৰ তথ্য লুকুৱাই কি বুজাব বিচাৰিছে স্বাস্থ্য বিভাগে? কোৰোণাৰ দৰে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফালাইটিছ সদৃশ ৰোগে তাণ্ডৱ চলোৱাটো স্পষ্ট হ'লে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ ওলোৱাৰ ভয়ত আক্ৰান্তৰ তথ্য লুকুৱাব বিচাৰিছে নেকি NHM এ! এনেদৰে এতিয়া বহুতে কৰিছে বিভিন্ন ধৰণৰ প্ৰশ্ন।
Published by: Himangshu Bhuyan
First published: July 22, 2020, 10:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading