• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ৰাইজৰ দলত কাম কৰিবলৈ অসুবিধা'-অসম জাতীয় পৰিষদত যোগদান কৰি এই মন্তব্য অভিনেত্ৰী জেৰিফা ৱাহিদৰ

'ৰাইজৰ দলত কাম কৰিবলৈ অসুবিধা'-অসম জাতীয় পৰিষদত যোগদান কৰি এই মন্তব্য অভিনেত্ৰী জেৰিফা ৱাহিদৰ

পিছে কিছুদিন পূৰ্বে ৰাইজৰ দলত যোগদান কৰা অভিনেত্ৰী জেৰিফা কিয় আহিল জাতীয় পৰিষদলৈ?

পিছে কিছুদিন পূৰ্বে ৰাইজৰ দলত যোগদান কৰা অভিনেত্ৰী জেৰিফা কিয় আহিল জাতীয় পৰিষদলৈ?

পিছে কিছুদিন পূৰ্বে ৰাইজৰ দলত যোগদান কৰা অভিনেত্ৰী জেৰিফা কিয় আহিল জাতীয় পৰিষদলৈ?

  • Share this:
সোমবাৰে অসম জাতীয় পৰিষদত যোগদান কৰিলে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে।  লুৰিণজ্যোতি গগৈৰ উপস্থিতিত নতুন আঞ্চলিক দলটোত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।

পিছে কিছুদিন পূৰ্বে ৰাইজৰ দলত যোগদান কৰা অভিনেত্ৰী জেৰিফা কিয় আহিল জাতীয় পৰিষদলৈ?

এই সন্দৰ্ভত জেৰিফা ৱাহিদে কয় যে, ৰাইজৰ দলত কাম কৰিবলৈ ভাল পোৱা নাছিলো। সেইকাৰণে মই ৰাইজৰ দলৰ পৰা অসম জাতীয় পৰিষদত যোগদান কৰিছো। ইয়াত কাম কৰাৰ ক্ষেত্ৰত কিছু সুবিধা লাভ কৰিম।কিন্তু জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কোনো মতানক্য নাই।ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হওক।'

জেৰিফা ৱাহিদে লগতে কয় যে, 'মই ৰাইজৰ দলৰ পৰা কোনো টিকট খোজা নাছিলো।মোক টিকট দি আছিল ৰাইজৰ দলৰ পৰা। প্ৰথমে ভৱানীপুৰ, সৰুক্ষেত্ৰী আৰু দলগাওঁৰ পৰা টিকট দিয়া হৈছিল। মই নাকচ কৰিছিলো। মই ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দিতা নকৰাৰ কথা তেওঁলোকক জানিছিলো।'

ইফালে আজিৰ দিনটোতে অসম জাতীয় পৰিষদত যোগদান কৰে পূব গোৱালপাৰা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক গীয়াছুদ্দিন আহমেদৰ পুত্ৰ ডঃ আনিশেষ আহমেদে। লগত অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক আমবৃত শৰ্মা আৰু  আমছুৰ ৰাজ্যিক প্ৰাক্তন সভাপতি জহিৰুল হকেও যোগ দিয়ে নতুন আঞ্চলিক দলটোত।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি