ৰাজ্যৰ বন্যাৰ্তলৈ ৫ লাখ টকাৰ সাহায্য আগবঢ়াইছে অভিনেত্ৰী সীমা বিশ্বাসে । মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধন আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে। চলচ্চিত্ৰ তথা থিয়েটাৰ জগতৰ বলিষ্ঠ অভিনেত্ৰী অসম কন্যা সীমা বিশ্বাসে শনিবাৰে এই সাহায্য প্ৰদান কৰে।
অসমৰ নলবাৰীৰ পৰা ভাৰতীয় চলচ্চিত্ৰ তথা থিয়েটাৰ জগতত বিশেষ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা সীমা বিশ্বাসক শ্বেখৰ কাপুৰৰ ‘বেণ্ডিট কুইন’ ছবিখনত ফুলন দেবীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সকলোৱে প্ৰশংসা কৰি আহিছে।সীমা বিশ্বাসে ‘বেণ্ডিট কুইন’ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। তদুপৰি, সীমাই বলিউদৰ বহুকেইখন চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰৰ অভিনয় ৰূপায়ন কৰি দৰ্শকৰ পৰা লাভ কৰিছিল উচ্চ প্ৰশংসা।
সীমা বিশ্বাসৰ উপৰিও বলিউডৰ অভিনেতা অক্ষয় কুমাৰ, অভিনেতা যতীন বৰা, উদীয়মান খেলুৱৈ ৰিয়ান পৰাগ আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়েও অসমৰ বানাক্ৰান্ত সকলৰ বাবে ১ লাখ টকাৰ সাহায্য আগবঢ়ায়।
Published by: Dulu Medhi
FIRST PUBLISHED : July 21, 2019, 17:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।