• Home
  • »
  • News
  • »
  • assam
  • »
  • Sara Ali Khan in kamakhya: অভিনেত্ৰী ছাৰা আলী খানৰ কামাখ্যা দেৱালয় দৰ্শন, ল'লে আশিস

Sara Ali Khan in kamakhya: অভিনেত্ৰী ছাৰা আলী খানৰ কামাখ্যা দেৱালয় দৰ্শন, ল'লে আশিস

 'বীৰাঙ্গনা' শীৰ্ষক এখন তথ্যচিত্ৰত অভিনয়ৰ বাবে শুক্ৰবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় তেওঁ।

'বীৰাঙ্গনা' শীৰ্ষক এখন তথ্যচিত্ৰত অভিনয়ৰ বাবে শুক্ৰবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় তেওঁ।

'বীৰাঙ্গনা' শীৰ্ষক এখন তথ্যচিত্ৰত অভিনয়ৰ বাবে শুক্ৰবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় তেওঁ।

  • Share this:

এক বিশেষ কাৰ্যসূচীৰে সম্প্ৰতি অসমত থকা বিশিষ্ট বলীউড অভিনেত্ৰী ছাৰা আলী খানে দেওবাৰে শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে। নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত সংবাদ মাধ্যমৰ পৰা যথেষ্ট দূৰত অৱস্থানেৰে অভিনেত্ৰী ছাৰাই পুৱাৰ ভাগতে অতি সংগোপনে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা দেৱালয়ত উপস্থিত হয়। শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ অভিনেত্ৰী ছাৰা আৰু সহযোগীসকলে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে। এযোৰ শুভ্ৰ পোছাকেৰে মা কামাখ্যাৰ আশিস গ্ৰহণৰ সময়ত যথেষ্ট আপ্লুত হোৱা দেখা যায় অভিনেত্ৰীগৰাকীক।


এই ভ্ৰমণৰ সময়ছোৱাত অভিনেত্ৰী ছাৰাক দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। মন্দিৰ দৰ্শনৰ পাছতেই অভিনেত্ৰীগৰাকী পোনে পোনে উপস্থিত হয়গৈ মালিগাঁৱৰ পাণ্ডু ঘাটত। তাত অভিনেত্ৰীগৰাকীয়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আমেজ লয়।






৪৫ মিনিটৰো অধিক সময় ব্ৰহ্মপুত্ৰৰ বুকুত পাৰ কৰি ছাৰাই বৰষুণৰ বাবে নৌকা ভ্ৰমণ সামৰি পুনৰ হোটেল ৰেডিছন ব্লু'লৈ উভতি যায়। উল্লেখ্য যে 'বীৰাঙ্গনা' শীৰ্ষক এখন তথ্যচিত্ৰত অভিনয়ৰ বাবে শুক্ৰবাৰে বিয়লি মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰ উপস্থিত হৈছিল ছ‌ইফ আলী খান-অম্ৰিতা সিং তনয়া তথা বলীউডৰ বিশিষ্ট অভিনেত্ৰী ছাৰা আলী খান।

Published by:Gautam Barman
First published: