ৰাজনীতিলৈ আহিব নেকি অভিনেত্ৰী নিশিতা গোস্বামী? যতীন বৰাৰ সন্দৰ্ভতো কৰিলে বিশেষ মন্তব্য

বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে কৰিলে বিশেষ মন্তব্য।
বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে কৰিলে বিশেষ মন্তব্য।
- News18 Assam
- Last Updated: September 10, 2020, 4:26 PM IST
ইফালে একাংশ সাংস্কৃতিকৰ্মীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ সিদ্ধান্তক একেবাৰে ব্যক্তিগত বুলি কোৱাৰ লগতে এই ক্ষেত্ৰতকোনো ধৰণৰ মন্তব্য দিব নিবিচাৰে বুলি উল্লেখ কৰে নিশিতা গোস্বামীয়ে। আনহাতে নিশিতা গোস্বামীয়ে যতীন বৰাক অভিনেতা হিচাপেহে জানে বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে যতীন বৰাৰ পৰা অভিনয়ৰ কথা এতিয়াও অভিনেত্ৰীগৰাকীয়ে শিকিবলৈ বাকী আছে বুলি কয়।
কিন্তু ৰাজনীতিলৈ শিল্পীৰ সোঁত বোৱা কাৰ্যই শিল্পীৰ মাজত বিভাজন অনাৰ কথা স্বীকাৰ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷ সেইদৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিশিতা গোস্বামী এতিয়াও পূৰ্বৰ স্থিতিতে অটল বুলি জানিবলৈ দিয়ে। যিহেতু এতিয়া বিষয়টো আদালতৰ অধীনস্থ, গতিকে আদালতে অসমীয়া জাতিৰ পক্ষত ৰায়দান দিব বুলি আশাবাদী অভিনেত্ৰীগৰাকী।