‘মই CABৰ বিৰোধী কিন্তু প্ৰতিবাদ কৰিবলৈ সময় পোৱা নাছিলো’

News18 Assam | News18-Assam
Updated:December 9, 2019, 3:55 PM IST
‘মই CABৰ বিৰোধী কিন্তু প্ৰতিবাদ কৰিবলৈ সময় পোৱা নাছিলো’
CABৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে

CABৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ উত্তাল সমগ্ৰ ৰাজ্য। কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে সকলো স্তৰৰ জনসাধাৰণ। ৰাজ্যৰ শিল্পী সমাজেও তীব্ৰ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। দেওবাৰে কেব বিৰোধী প্ৰতিবাদকাৰীয়ে তেজপুৰত যতীন বৰাক ঘেৰাও কৰাৰ পিছত আজি কেব সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে অভিনেতাজনে। অভিনেতা ৰবি শৰ্মাইয়ো কেবৰ বিৰোধিতা কৰি বিজেপি দল ত্যাগ কৰিছে। কিন্তু ব্যস্ততাৰ বাবে CABৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সময় উলিয়াব পৰা নাই অভিনেত্ৰী নিশিতা গোস্বামীয়ে।

সামবাদিকৰ প্ৰশ্নত নিশিতা গোস্বামীয়ে কয় যে, ‘অসমীয়া ৰাইজেই আজি নিশিতা গোস্বামী বনালে, মই অসমীয়া ৰাইজৰ পক্ষত। যিহেতু কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসী একেলগ হৈছে। গতিকে মইয়ো কেবৰ বিৰোধী। কিন্তু ব্যস্ততাৰ বাবেহে প্ৰতিবাদ কৰিবলৈ সময় পোৱা নাই।’
First published: December 9, 2019, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি