உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Ambubachi: কামাখ্যাৰ অম্বুবাচীক লৈ অভিনেত্ৰী কংগনা ৰানাৱটৰ পোষ্ট, ক'লে- শক্তিয়েই হ'ল একমাত্ৰ সত্য

    Ambubachi: কামাখ্যাৰ অম্বুবাচীক লৈ অভিনেত্ৰী কংগনা ৰানাৱটৰ পোষ্ট, ক'লে- শক্তিয়েই হ'ল একমাত্ৰ সত্য

    অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ নাস্তিক ৰূপে ডাঙৰ হৈছিল যদিও আন সকলো ধৰ্মীয় কিতাপ পঢ়িছিল, কিন্তু আচৰিত হৈছিল নাৰীক লৈ কৰা অপব্যাখ্যাত।

    অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ নাস্তিক ৰূপে ডাঙৰ হৈছিল যদিও আন সকলো ধৰ্মীয় কিতাপ পঢ়িছিল, কিন্তু আচৰিত হৈছিল নাৰীক লৈ কৰা অপব্যাখ্যাত।

    অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ নাস্তিক ৰূপে ডাঙৰ হৈছিল যদিও আন সকলো ধৰ্মীয় কিতাপ পঢ়িছিল, কিন্তু আচৰিত হৈছিল নাৰীক লৈ কৰা অপব্যাখ্যাত।

    • Share this:

    অম্বুবাচী মেলাক লৈ ফেচবুকত পোষ্ট শ্বেয়াৰ কৰিলে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে। কামাখ্যা দেৱীৰ মাহাত্ম্য বৰ্ণনা কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ দীঘলীয়া ফেচবুক পোষ্টত উল্লেখ কৰিলে হিন্দু ধৰ্মৰ বিষয়েও। অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে– গুৱাহাটীত অসমৰ কামাখ্যা মন্দিৰত বাৰ্ষিক অম্বুবাচী মেলা আৰম্ভ হৈছে। আমি পাহৰিব নালাগে যে হিন্দু ধৰ্ম হৈছে একমাত্ৰ ধৰ্ম, যি কেৱল মহিলাক স্নেহ আৰু তেওঁৰ যৌনতাক গ্ৰহণেই নকৰে, তেওঁৰ শক্তিক বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ ওপৰত ৰাখে আৰু তেওঁক উপাসনা কৰে। কামাখ্যা হৈছে পৃথিৱীৰ একমাত্ৰ উপাসনাস্থান য'ত এগৰাকী নাৰীৰ প্ৰজনন অংগৰ পূজা কৰা হয়...। মই মন্দিৰটো দৰ্শন কৰিছো। মন্দিৰৰ মূৰ্তিবোৰ হৈছে শিলৰ ওপৰত খোদিত আৰু ইয়াত নাৰীৰ প্ৰজনন অংগৰ চিত্ৰণে নাৰী শক্তিৰ মাহাত্ম্য প্ৰতিকী ৰূপত উপস্থাপন কৰিছে।'


    অভিনেত্ৰীগৰাকীয়ে নিজৰ শৈশৱৰ কথা উনুকিয়াই কয় যে তেওঁ নাস্তিক ৰূপে ডাঙৰ হৈছিল যদিও আন সকলো ধৰ্মীয় কিতাপ পঢ়িছিল। কিন্তু তেওঁ আচৰিত হৈছিল আন ধৰ্মত নাৰীক লৈ কৰা অপব্যাখ্যাত। নাৰীক পাপৰ আধাৰ ৰূপত চিত্ৰিত কৰা কথাক লৈ এগৰাকী নাৰী হিচাপে তেওঁ গভীৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ কথা উল্লেখ কৰে। কিন্তু সৰ্বশেষত হিন্দু ধৰ্মতে অভিনেত্ৰীগৰাকীয়ে নাৰীক পূজাৰ বেদীত ৰখা প্ৰত্যক্ষ কৰে আৰু তেওঁ হিন্দু ধৰ্মৰ ফালে ঘূৰি আহিছিল বুলি উল্লেখ কৰে। এইক্ষেত্ৰত কংগনাই দ্ৰৌপদী, ৰাধা, সীতা, পাৰ্বতী আদি হিন্দু দেৱীৰ বিষয়ে উল্লেখ কৰি কয়– 'মই অৱশেষত এগৰাকী হিন্দু হ'বলৈ নিজকে বাছনি কৰিলো। কাৰণ শক্তিয়েই হল একমাত্ৰ সত্য।'

    Published by:Gautam Barman
    First published: