সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি অভিনেত্ৰী জেৰিফা ৱাহিদ? অংশগ্ৰহণ কৰিলে আঞ্চলিক দল গঠনৰ বৈঠকত

News18 Assam | News18-Assam
Updated:August 26, 2020, 10:14 AM IST
সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি অভিনেত্ৰী জেৰিফা ৱাহিদ? অংশগ্ৰহণ কৰিলে আঞ্চলিক দল গঠনৰ বৈঠকত
বৰ্তমান চৰকাৰখনৰ কাম-কাজকলৈ সুখী নে জেৰিফা?

বৰ্তমান চৰকাৰখনৰ কাম-কাজকলৈ সুখী নে জেৰিফা?

  • Share this:
সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজনৈতিক দলত যোগদানৰ এক অঘোষিত প্ৰতিযোগিতাত যেন অৱতীৰ্ণ হৈছে ৰাজ্যৰ একাংশ গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী। কিন্তু এতিয়াই ৰাজনীতিলৈ নাহে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘ৰাজনীতি কৰাৰ পূৰ্বে বহু অভি়জ্ঞতাৰ প্ৰয়োজন। ভৱিষ্যতৰ কথা এতিয়াই ক’ব নোখোজো যদিও, এতিয়া ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ কোনো পৰিকল্পনা নাই।’



মঙলবাৰে তেজপুৰ বান থিয়েটাৰত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদক ৷ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ উদ্দেশ্যে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে। বৈঠকত উপস্থিত থাকি জেৰিফাই ৰাজ্যবাসী বৰ্তমান অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা বুলি কোৱাৰ লগতে বৰ্তমান নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ সময় আহি পৰিছে বুলিও মন্তব্য কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।



বৰ্তমান চৰকাৰখনৰ কাম-কাজকলৈ সুখী নে জেৰিফা?

অসমত অতীজৰে পৰা বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে প্ৰকৃতাৰ্থত কি কৰিছে চৰকাৰখনে? তাক লৈ সন্দেহ আছে জেৰিফাৰ ৷ জেৰিফাই ক'লে - চৰকাৰখনৰ কিছু কথা মই সমৰ্থন নকৰো৷ কিন্তু শেহতীয়াকৈ কোভিডৰ ক্ষেত্ৰত যি যুঁজ অব্যাহত ৰাখিছে, সেয়া প্ৰশংসাৰযোগ্য।

যদিহে ৰাজনীতিলৈ অহাৰ মন মেলা নাই অভিনেত্ৰী জেৰিফাই, তেন্তে আঞ্চলিক দল গঠনৰ মজিয়াত কিয় অংশগ্ৰহণ কৰিলে অভিনেত্ৰীগৰাকীয়ে ?

জেৰিফাৰ মতে -এতিয়া অস্তিত্বৰ সুৰক্ষাৰ কথা আহি পৰিছে ৷ আঞ্চলিকতাবাদত সম্পূৰ্ণ বিশ্বাসী জেৰিফাই অভিজ্ঞতা বুটলিবলৈকে তেজপুৰত উপস্থিত হৈছে বুলি জানিবলৈ দিয়ে।
Published by: Himangshu Bhuyan
First published: August 26, 2020, 9:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি