• Home
  • »
  • News
  • »
  • assam
  • »
  • বিবাহৰ পিছত স্বামীৰ সৈতে প্ৰথমবাৰলৈ দুৰ্গা পূজা উদযাপন কৰিলে বৰষাৰাণী বিষয়াই, উখল-মাখল উজান বজাৰৰ ঘৰ

বিবাহৰ পিছত স্বামীৰ সৈতে প্ৰথমবাৰলৈ দুৰ্গা পূজা উদযাপন কৰিলে বৰষাৰাণী বিষয়াই, উখল-মাখল উজান বজাৰৰ ঘৰ

জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ উজান বজাৰস্থিত ঘৰত প্ৰতিবছৰেই উলহ মালহেৰে পালন কৰে দুৰ্গা পূজা। ব্যতিক্ৰম নহয় এইবাৰো।

জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ উজান বজাৰস্থিত ঘৰত প্ৰতিবছৰেই উলহ মালহেৰে পালন কৰে দুৰ্গা পূজা। ব্যতিক্ৰম নহয় এইবাৰো।

জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ উজান বজাৰস্থিত ঘৰত প্ৰতিবছৰেই উলহ মালহেৰে পালন কৰে দুৰ্গা পূজা। ব্যতিক্ৰম নহয় এইবাৰো।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ উজান বজাৰস্থিত ঘৰত প্ৰতিবছৰেই উলহ মালহেৰে পালন কৰে দুৰ্গা পূজা। ব্যতিক্ৰম নহয় এইবাৰো। পিছে বৰষা ৰাণী বিষয়াৰ বাবেহে কিছু ব্যতিক্ৰম এইবাৰৰ দুৰ্গা পূজা। বিবাহৰ পিছত অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰলৈ উদযাপন কৰিছে দুৰ্গা পূজা।

অভিনেত্ৰীগৰাকীৰ আজো ককাকৰ দিনৰে পৰা অবিৰতভাৱে এই দুৰ্গা পূজা ভাগৰ আয়োজন কৰি অহা হৈছে। ৯৬ বছৰ অতিক্ৰম কৰা মহানগৰীৰ এই পূজাই বহন কৰি আহিছে বিশেষ তাৎপৰ্ষ। ঘট পূজাৰে অভিনেত্ৰীগৰাকীৰ আজো ককাক স্বৰ্গীয় বৰদাকান্ত বিষয়াই আৰম্ভ কৰিছিল এই পূজা। তাৰ পাছত তেওঁৰ ককাক ক্ষীৰদাকান্ত বিষয়াই প্ৰতিমা আকাৰত পূজা আয়োজন কৰিলে।


অভিনেত্ৰীগৰাকীৰ বাসগৃহত আয়োজন কৰা এই পূজা হৈছে মহানগৰৰ প্ৰাচীনতম ব্যক্তিগত দুৰ্গা পূজা। বৰষাৰ পিতৃ তথা চলচিত্ৰ পৰিচালক অশোক কুমাৰ বিষয়া এতিয়া ধ্বজা বাহক, বিষয়া পৰিয়ালে ১৯ শতিকাৰ ৩০ দশকতে আৰম্ভ কৰা এই পূজা ভাগৰ।


বৰষাৰ ঘৰত এইবাৰৰ পূজাত ভাগ লৈছে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাইয়ো। সদ্য বিবাহিত ভাস্কৰ-বৰষাৰ প্ৰেম আৰু বিবাহৰ কাহিনীয়ে বিগত সময়ছোৱাত ব্যাপক চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰিছিল। হাস্যমুখৰ ভাস্কৰ বৰুৱাই এইবাৰ তেওঁৰ শহুৰৰ ঘৰৰ পূজাত বিশেষ আলহী হৈ ভাগ লৈছে।
Published by:Himangshu Bhuyan
First published: