• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘অসমীয়াই বেয়া পোৱা কাম নকৰিব, অন্যথা ইতিহাসৰ পৃষ্ঠাত খলনায়ক হিচাপে ৰৈ যাব’

‘অসমীয়াই বেয়া পোৱা কাম নকৰিব, অন্যথা ইতিহাসৰ পৃষ্ঠাত খলনায়ক হিচাপে ৰৈ যাব’

Source-Google

Source-Google

‘কোনো ধৰণৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ প্ৰয়োজন নাই। বিদেশী, বিদেশীয়েই, হিন্দু হওক মুছলমান হওক সকলোকে বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক’

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল সমগ্ৰ ৰাজ্য। চৌদিশে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ শিল্পীসমাজ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ এইবাৰ বিৰুদ্ধে মন্তব্য কৰিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। অসমীয়া জাতিয়ে বেয়া পোৱা কাম নকৰিবলৈ চৰকাৰক আহ্বান জনালে অভিনেত্ৰীগৰাকীয়ে।

বৰষাৰাণীয়ে কয় যে, অসমীয়া মানুহে বৰ হেঁপাহেৰে আপোনালোকক সেই আসন খন দিছে। গতিকে যি কাম অসমীয়া ৰাইজে বেয়া পাই সেই কাম নকৰিব। কোনো ধৰণৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ প্ৰয়োজন নাই। বিদেশী, বিদেশীয়েই, হিন্দু হওক মুছলমান হওক সকলোকে বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক। তাকে নকৰি বিদেশী আনি অসমীয়া জাতিক সংখ্যালঘূত পৰিণত কৰিলে ইতিহাসৰ পৃষ্ঠাত চিৰদিনৰ কাৰণে খলনায়ক হিচাপে ৰৈ যাব।’
Published by:Himangshu Bhuyan
First published: