‘বিজেপিত যোগদান কৰাটো অপৰাধ নহয়, কা’ খন নপঢ়াকৈ আন্দোলন কৰাটোহে অপৰাধ’- ৰাজনীতিলৈ আহিব নেকি বৰষাৰাণী বিষয়া?

বৰ্তমান বৰষাৰাণী বিষয়া ‘ৰাজনীতি’ নামৰ এখন নতুন ছবিত অভিনয় কৰিবলৈ সাজু হৈছে।
বৰ্তমান বৰষাৰাণী বিষয়া ‘ৰাজনীতি’ নামৰ এখন নতুন ছবিত অভিনয় কৰিবলৈ সাজু হৈছে।
- News18 Assam
- Last Updated: January 9, 2021, 4:23 PM IST
উল্লেখ্য যে, বিজেপিলৈ ঢাপলি মেলা ৰাজ্যৰ একাংশ গায়ক অভিনেতাক এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ কথা ক’লেই বিভিন্ন মন্তব্য কৰা দেখা যায়। অভিনেতা যতীন বৰা বা গায়ক বিদ্যাসাগৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন বাধ্যত পৰি কৰা বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল। শুকুৰবাৰে বিদ্যাসাগৰে জুবিন গাৰ্গকে আদি কৰি সকলোৱেই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন নিজৰ স্বাৰ্থৰ বাবে কৰা বুলি মন্তব্য কৰাৰ পিছত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।
আনহাতে বৰ্তমান ৰাজনীতিত প্ৰৱেশ কৰাৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰি বৰষাৰাণীয়ে কয় যে, ‘২৭ বছৰে বহু কষ্ট কৰি এই পৰ্যায় পাইছোগৈ। গতিকে ইমান সহজে এই লাইনটো এৰি নিদিও। ৰাজনৈতিক দলত যোগদান কৰাৰ এতিয়া কোনো ইচ্ছা নাই।’