ৰাজনীতিলৈ যাব নেকি বৰষাৰাণী বিষয়া? কিহৰ বাবে ফেচবুকত বৰষাৰ বিতৰ্কিত পষ্ট?

News18 Assam | News18-Assam
Updated:November 28, 2019, 4:33 PM IST
ৰাজনীতিলৈ যাব নেকি বৰষাৰাণী বিষয়া? কিহৰ বাবে ফেচবুকত বৰষাৰ বিতৰ্কিত পষ্ট?
News18 ৰ আগত স্পষ্টীকৰণ দিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই

News18 ৰ আগত স্পষ্টীকৰণ দিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই

  • Share this:
অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এটা ফেচবুক পোষ্টক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। কাৰো নাম উল্লেখ নকৰাকৈ ফেচবুক পোষ্টটোত বৰষাৰাণী বিষয়াই লিখিছিল –
‘ডিঙিত powerloomৰ গামোচা লোৱা প্ৰকৃত অসমীয়া শিপিনীয়ে বোৱা গামোচা চিনি নোপোৱা, অসমৰ বাহিৰত থাকি ফেচবুকত জাতি উদ্ধাৰ কৰাৰ বৰ বৰ কথা লিখাবোৰক মই পুতৌ কৰো। সাহস আছে যদি আহ অসমলৈ আহি মিয়াক খেদি পথাৰত হাল বাহি আহ। নহ’লে ফেচবুকত জ্ঞান দিয়া বন্ধ কৰ... তাৰ নাম নাজানো। জয় আই অসম।’



 

বৰষাৰ এই ফেচবুক প’ষ্টে সৃষ্টি কৰিছে বিতৰ্কৰ। বিভিন্নজনে  ২০২১ ৰ বিধানসভা নিৰ্বচনত টিকট লাভ কৰাৰ আশাত বৰষাই চৰকাৰক তৈলমৰ্দন কৰিছে বুলি কোৱাৰ লগতে অন্য একাংশই ফেচবুকত এনেধৰণৰ পষ্ট লিখি এটা বিশেষ ধৰ্মক বৰষাই আঘাত কৰিছে বুলি মন্তব্য কৰিছিল। অভিনেত্ৰীগৰাকীৰ এটা ফেচবুক প’ষ্টে বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত এতিয়া বৰষাই News18 ৰ আগত দিছে স্পষ্টীকৰণ। উল্লেখযোগ্য যে, কোনো ৰাজনৈতিক দলৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ ভাবেও জড়িত নহয় বৰষা। সেইদৰে ভৱিষ্যতে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰো অভিপ্ৰায় নাই বুলি কয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।



ফেচবুক প’ষ্টটোৰ জৰিয়তে বৰষাই কোনো ধৰ্মীয় অনুভূতিক আঘাত দিবলৈ চেষ্টা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে।লগতে বৰষাই কয় যে, থিয়েটাৰত থাকোতে বহু সময়ত মুছলমান লোকৰ ঘৰতে খোৱা, থকা কৰিছে অভিনেত্ৰীগৰাকীয়ে। বহু ঠাইত মুছলমান শিল্পীৰ সৈতে অনুষ্ঠানটো ভাগ লৈছে। অসমত নাই কেনে কোনো ধৰ্মীয় সংকীৰ্ণতা। ধৰ্ম নিৰ্বিশেষে প্ৰতিজন খিলঞ্জীয়া অসমীয়াকে সন্মান কৰে বৰষা ৰাণী বিষয়াই। নাই কোনো ধৰ্মীয় ভেদা–ভেদ।

অভিনেত্ৰীগৰাকীয়ে অসমত হ’বলগীয়া ফিল্মফেয়াৰ অনুষ্ঠান সন্দৰ্ভতো বিশেষ মন্তব্য প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে কয় যে, পৰ্যটনৰ উন্নয়নৰ কাৰণে চৰকাৰে এনে পৰিকল্পনা হাতত লৈছে। সেয়া আদৰণীয়।’

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি