• Home
  • »
  • News
  • »
  • assam
  • »
  • লতাশিল থানাত বৰষাৰাণী বিষয়া, নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল অভিনেত্ৰীগৰাকী

লতাশিল থানাত বৰষাৰাণী বিষয়া, নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল অভিনেত্ৰীগৰাকী

যতীন বৰাৰ বিজেপি যোগদানৰ সন্দৰ্ভত কি ক’লে বৰষাই?

যতীন বৰাৰ বিজেপি যোগদানৰ সন্দৰ্ভত কি ক’লে বৰষাই?

যতীন বৰাৰ বিজেপি যোগদানৰ সন্দৰ্ভত কি ক’লে বৰষাই?

  • Share this:
হঠাত্‍ লতাশিল থানাত উপস্থিত হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লৈ কৰা ভুৱা প্ৰচাৰৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ। নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল অভিনেত্ৰীগৰাকী। ইফালে কোনো ধৰণৰ প্ৰত্যক্ষ ৰাজনীতিলৈ নাহে বুলিও জনাই অভিনেত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, মঙলবাৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ নামত ভুৱা একাউণ্ট খুলি যতীন বৰাই বিজেপি গমনত সমৰ্থন জনোৱা বুলি প্ৰচাৰ কৰা হৈছিল। আৰু ইয়াৰ পিছতে ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অভিনেত্ৰী বৰষাই।



যতীন বৰাৰ বিজেপি গমনৰ সন্দৰ্ভত কি ক’লে বৰষাই?

অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয় যে, সেয়া যতীন বৰাৰ নিজৰ সিদ্ধান্ত। কিন্তু যতীন বৰাই  আৱেগত অসমীয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰা বুলি কৰা মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰি বৰষাই কয় যে, ‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৱেগত হোৱা নাই। মই আইনখন পঢ়িছো। আৱেগৰ লগতে বিবেকেৰে বিবেচনা কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই গৈছিলো। বিদেশী সমস্যাৰ বিৰুদ্ধে অসমে সদায় যুঁজি আহিছে। আৰু বিদেশী আদৰি অনাটো গ্ৰহণযোগ্য নহয়। যেতিয়াই অসমীয়া মানুহ বিপদত পৰিব, সহায় মই কাষত থাকিম। মোৰ পূৰ্বৰ স্থিতি মই অটল।’
Published by:Himangshu Bhuyan
First published: