উল্লেখ্য যে, কাৰ্ত্তিকা পূজাত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰিব পাৰে। আৰু এই পূজাত অংশগ্ৰহণ কৰি নিজকে সুখী বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, কাৰ্ত্তিকা পূজাত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰিব পাৰে। আৰু এই পূজাত অংশগ্ৰহণ কৰি নিজকে সুখী বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
বুধবাৰে কোকৰাঝাৰ জিলালৈ গৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া। জিলাখনৰ ভোটগাঁৱত কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আৰু আক্ৰাছু , কোচ ৰাজবংশী সাংস্কৃতিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা ১১ তম কোচ ৰাজবংশী লোক উৎসৱ কাৰ্ত্তিকা পূজাত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। আৰু এই পূজাতে অভিনেত্ৰীগৰাকীয়ে নিজৰ কপালৰ ৰঙা ফোঁট শেষ উশাহ পৰ্যন্ত থাকিবলৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰে।
উল্লেখ্য যে, কাৰ্ত্তিকা পূজাত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰিব পাৰে। আৰু এই পূজাত অংশগ্ৰহণ কৰি নিজকে সুখী বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। অনুষ্ঠানত কে এ চিৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মন , অধ্যক্ষ হিতেশ্বৰ বৰ্মন , বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আদিয়েও অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, অবিভক্ত গোৱালপাৰা জিলাত পালন কৰা কাৰ্ত্তিকা পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ আৰু মহিলাসকলেই পুৰুষৰ ভাও ধৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|