কোৰোণাৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিছে এটা ভাল খবৰ। অভিনেত্ৰী আইমী বৰুৱাই লাভ কৰিছে বিশেষ বঁটা। চলচিত্ৰ নিৰ্মাণৰ দ্বাৰা বিশেষ সন্মান লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে TAGORE INTERNATIONAL FILM FESTIVALত এই আন্তঃ ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হয় অভিনেত্ৰী আইমী বৰুৱাই।
উল্লেখ্য যে, প্ৰথম খন ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে আইমীয়ে। উল্লেখ্য যে, টেগৰ ইনটাৰনেচনেল ফিল্ম ফেষ্টিভেলত ডিমাছা ভাষাৰ প্ৰথমখন ছবি SEMKHORৰ বাবে BEST NARRATIVE, BEST WOMEN FILM, BEST DEBUT FILM MAKERৰ শিতানত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিছে আইমী বৰুৱাই। কেৱল নিৰ্মাণেই নহয়, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয়ো কৰিছিল অভিনেত্ৰীগৰাকীয়ে।