"মোৰ কোনো দলত যোগদান কৰাৰ পৰিকল্পনা নাই। যদিও মই এটা দলৰ লগত জড়িত হৈছিলো কিন্তু এটা মূল কাৰণত মই আঁতৰি আহিছো। "কা" লৈ মতবিৰোধ হোৱাত মই সেই দল এৰি আহিলো। ৰাজনৈতিক দলৰ লগত যোগ দিয়াৰ লগে লগে মোৰ কণ্ঠ ৰুদ্ধ হৈ যায় যাৰ কাৰণে কোনো ৰাজনৈতিক দলত মই যোগ দিয়াৰ পৰিকল্পনা নাই।" - এই মন্তব্য জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ।
"শিল্পী, কলা–কুশলী, সাংস্কৃতিক কৰ্মী ৰাজনৈতিক দলত যোগ দিয়াটো দোষ হ’ব নোৱাৰে, কোনোবাই প্ৰতিবাদ কৰিবলগীয়া কোনো কথা নাই। এয়া প্ৰথম নহয় সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা ৰাজনীতিত যোগ দিয়া ঘটনা। কিন্তু "কা" আন্দোলনৰ গইনা লৈ তেওঁলোকে ৰাজনীতিত যোগ দিয়াটো আৰু তেওঁলোকৰ এতিয়া হঠাৎ বিবেক ঘূৰি অহাক লৈ মোৰ বেয়া লাগিছে। "কা" আন্দোলনত ওলাই অহা লোকসকলক তেওঁলোকে অপমান কৰিছে।" – মন্তব্য ৰবি শৰ্মাৰ। জুবিন গাৰ্গ সন্দৰ্ভত জনপ্ৰিয় অভিনেতাগৰাকীয়ে কয় যে জুবিন শিল্পীসুলভ এজন মানুহ। যুৱ প্ৰজন্মৰ কাৰণে জুবিন মেডিচিন। জুবিনে এতিয়ালৈকে সকলোৰে মন সন্তুষ্ট কৰি, সকলোৰে কথা চিন্তা কৰি চলি আহিছে। যদি কিবা এটা সিদ্ধান্ত লৈছে নিশ্চয় চিন্তা কৰি লৈছে। জুবিনৰ শক্তি তেওঁৰ ফ্রেণ্ডখিনি, যুৱপ্ৰজন্মই বেয়া পাব পৰা কোনো কাম নকৰে বুলি মোৰ বিশ্বাস। সময় দিয়ক, তেওঁতো আনুষ্ঠানিকভাৱে BJP যোগদান কৰা নাই। লগতে কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ নচলায় বুলিও মন্তব্য কৰে ৰবি শৰ্মাই।