• Home
  • »
  • News
  • »
  • assam
  • »
  • মিনি লকডাউনত জুৰুলা হৈ পৰা ৰঙিয়াৰ খাটিখোৱা লোকসকলক সাহায্য বিতৰণ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ

মিনি লকডাউনত জুৰুলা হৈ পৰা ৰঙিয়াৰ খাটিখোৱা লোকসকলক সাহায্য বিতৰণ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ

অতি সোনকালে কোৰোণাৰ আতংকৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আশা ব‍্যক্ত কৰে অভিনেতাগৰাকীয়ে।

অতি সোনকালে কোৰোণাৰ আতংকৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আশা ব‍্যক্ত কৰে অভিনেতাগৰাকীয়ে।

অতি সোনকালে কোৰোণাৰ আতংকৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আশা ব‍্যক্ত কৰে অভিনেতাগৰাকীয়ে।

  • Share this:
    মিনি লকডাউনত জুৰুলা হৈ পৰা ৰঙিয়াৰ খাটিখোৱা লোকসকলক সাহায্য বিতৰণ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ। ৰঙিয়াৰ অগ্ৰণী ব‍্যৱসায়িক প্ৰতিষ্ঠান এইচ এণ্ড কেৰ উদ‍্যোগত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। এইচ এণ্ড কেৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনাড়ম্বপূৰ্ণ অনুষ্ঠানত ৰবি শৰ্মাই দুখীয়া ৰাইজক খাদ্য সামগ্ৰীৰ যোগান ধৰে।

    কোভিডৰ এই সংকটপূৰ্ণ সময়ত খাটিখোৱা শ্ৰেণীৰ বেছিভাগ লোকেই কৰ্ম সংস্থাপন হেৰুৱাই এসাঁজ খাই এসাঁজ লঘোণে থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনেকুৱা লোকসকলৰ হাততেই কিছু খাদ্য সামগ্ৰী তুলি দি সন্তোষ প্ৰকাশ কৰে ৰবি শৰ্মাই।

    লগতে অতি সোনকালে কোৰোণাৰ আতংকৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আশা ব‍্যক্ত কৰে অভিনেতাগৰাকীয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ লকডাউনৰ লগতে বৰ্তমান সময়তো চলি থকা মিনি লকডাউনৰ সময়ত এইচ এণ্ড কেৰ তৰফৰ পৰা সমাজৰ প্ৰতিটো স্তৰৰ লোককে সাহায্য প্ৰদান কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: