জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা নিজৰ শৰীৰটোক লৈ সদায় সচেতন। বিভিন্ন সময়ত জনপ্ৰিয় অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াত শৰীৰ চৰ্চা কৰাৰ ফটো অথবা ভিডিও শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। ৰবি শৰ্মাৰ পত্নী অভিনত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনীকো মাজে সময়ে শৰীৰ চৰ্চা কৰা দেখিবলৈ পোৱা যায়।
শেহতীয়াকৈ ৰবি শৰ্মা আৰু মৈত্ৰেয়ীৰ এখন ফটো ব্যাপক ৰূপত চৰ্চিত হৈছে ছচিয়েল মিডিয়াত। ফটোখনত দুয়োকে একেলগে শৰীৰ চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে।
![]()
ফটোখন ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ লগে লগেই অভিনেতাজনৰ অনুৰাগীসকলে আকৰ্ষণীয় কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। ১০ হাজাৰৰো অধিক লোকে ফটো খন লাইক কৰাৰ উপৰিও কেইবা শতাধিক লোকে কমেণ্ট কৰিছে ফটোখনত।
কোৰোণা পৰিস্থিতি উন্নত হোৱাৰ পিছত তাৰকা অভিনেতাগৰাকীক পুনৰ ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে শ্বুটিং প্ৰায় শেষ হোৱা ৰবি শৰ্মাৰ বহুচৰ্চিত ৰঘূপতি নামৰ ছবিখন শীঘ্ৰে ছবিগৃহলৈ আহিব বুলি আশা কৰিছে অনুৰাগীসকলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|